তোমাৰ ঠিকনা- শান্তনু হাজৰিকা

©Admin
0
জোনাক নিশা আজি তৰা গণি গণি
বহু দূৰ আগুৱালোঁ,
তথাপি এই নিশা নিৰাশ হৈয়ে ৰ'ল
তোমাৰ ঠিকনা নাপালোঁ ।
চন্দ্ৰ তৰাই দিলে বিষাদৰ বাতৰি
কাহানিও শুনা নাই কাহিনী,
তথাপি এই নিশা তোমাক বিচাৰি গ'লো
জোনাকে নিদিলে সহাঁৰি ।
পুৱতিৰ হেঙুল ৰং শৰীৰত পৰিলহি 
জিলিকাই দুচকুৰ চকুলোঁ,
সজাৰ পক্ষীয়েও ৰিঙিয়াই ক'লেহি
অসীমত তোমাক হেৰুৱালোঁ !
অস্থিৰ হৃদয়ে আজি তোমাক বিচাৰি যায়
নাজানে তোমাৰ ঠিকনা,
অবুজ হৃদয়ক মাথোঁ সহাঁৰি দিবলৈ
দি যায় মিছা বাসনা ।।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)