মৃত্যু আহে- দৰ্শনা দাস (দীপলিকা)

©Admin
0
এই বাটেৰে যিদিনা আহিছিলো,
ফুলিছিল তৰুৱা কদমৰ ফুল।
সেই বাটেৰেই যাম গৈ এদিন,
খোজত মৰহাই বনৰ বনৰীয়া ফুল।

এই বাটেৰে কিমান আহিল, 
কিমান গ'ল,
কত ফুল ফুলি,
কত সৰিল ফুল,
কাৰ বা হিচাপ আছে।
কোনে জানে?
মৃত্যু কেনেদৰে আহে...
মৃত্যু আহে ক্ৰমশঃ সংগোপনে,
ৰৈ ৰৈ কিৰিলি পাৰি ৰিঙিয়াই মাতে।

এইয়া মৰা মানুহৰ দেশ,
নিৰ্জনতাৰ সুৰুঙাৰে
ধপলিয়াই দাঁত কৰচি আহে
নৰ পিশাচৰ দ'ল।
সিহঁতৰ খোজত ধূলি উৰে,
নিশাৰ নগা ঝিলীৰ পোক।
ইয়াত ঢেঁকীয়া ফুল বিছাৰি 
মিচায়ে হবাথুৰি খালো,
ক'তে বা চিঙিলো
ডিঙিৰ সোনৰ মাদুলি।
এইয়া মোৰ মঙহৰ ছাই,
হাড়বোৰ ক'ত হেৰাল?
মই ক'ত গমেই নাপাওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)