ক্ষন্তেক আমাৰ শিক্ষাগুৰু- শিল্পী দাস

©Admin
0
প্ৰতি ক্ষন্তেকে শিকাই যায়
নতুনত্বৰ প্ৰস্তুতি,
নিজৰ অজানিতেই 
শিকি যাওঁ বহু কিবাকিবি।
ক্ষন্তেক আমাৰ শিক্ষাগুৰু
জীৱন বাটত প্ৰতিপল,
সুখে-দুখে নাট মঞ্চ
কৰ্মৰে দিয়া হয় ফল।
ক্ষন্তেক নহয় দুষ্ট
বুজাই দিয়ে সময়ৰ মূল্য,
আপোন পৰৰ মহিমাৰে
মান তাৰ ধনত অমূল্য।
ক্ষন্তেকে কোনোবা আপোনতকৈও আপোন
আকৌ কোনাবা পৰতকৈও পৰ,
নিমিষে শেষ হৈ যায় সকলো
সলনি হৈ পৰে ঠিকনা হৃদয়ৰ ।
ক্ষন্তেক তোমাক সন্মান কৰোঁ
অপ্ৰাণ মৰম-শ্ৰদ্ধাৰে,
তোমাৰ দিয়া শিক্ষাই
আছোঁ উন্নতিৰ চেষ্টাৰে।
ক্ষন্তেক আমাৰ শিক্ষাগুৰু।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)