কাৰাৰুদ্ধ-কংকন ডেকা

©Admin
0
কাৰাগাৰৰ সেই
 কাল অমানিশাৰ ৰাতিটো ,
 সঁচাকৈ ভাবিলেই বিষাই বুকু।

 মিছা অপবাদে আমাক
 কৰিলে লাঞ্ছিত,
 বিনা দোষে কৰিলে আমাক দোষাৰোপ ,
 আৰু ;আমি হ'লো কাৰাবন্দী।

 বন্ধ কোঠাত.....,
 এনিশা উজাগৰে কটালো,
 শুনিলো নুশুনিব
 লগা বহুত অকথ্য কথা ৷
 কাৰণ .....,
 আজি আমি কাৰাবন্দী ।

 অন্ধবিশ্বাসৰ বলি হৈ
 কাৰাগাৰৰ অন্ধকাৰ কোঠাত
 কালঅমানিশাৰ ৰাতিটো কটালো আমি,
 কাৰণ...
 আজি আমি বিনা দোষী
 প্ৰতিটো পল-অনুপলে
 মনত ৰিঙিয়াই থাকিব
 কাৰাগাৰৰ সেই বিশেষ উজাগৰী নিশাই।
 হয়তো ভৱিষ্যতৰ..., চনৰ 
 সফলতাৰ আঁৰত থাকিব মাথোঁ
 কাৰাগাৰৰ সেই কাল অমানিশাৰ দিনটো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)