আঁহা সমণীয়া আঁহা সকলোৱে ভাও দিওঁ আঁহা
ভাওৰীয়া হৈ যেন আমি জীৱন নাটৰ ভাওনাত
এই জীৱন নাটৰ ভাওত তুমিও এক ভাওৰীয়া
কিমান কি ভাও ল'বা নিজেই কৰাহি আখৰা
ভাওনাৰ ভাওৰ শেষত চৌদিশে মাথোঁ শূণ্যতা
জীৱন নাটৰ আমিও একো একোজন ভাওৰীয়া
সকলোৱে নিজেই নিজেই ভাও বাচি লোৱা
কাৰ কিমান জানো আছে ভাও লোৱাৰ দক্ষতা
মানবীয়তাৰে ভেদা-ভেদ পাঁহৰি ভিন্নতা আঁতৰাই
ভাওবোৰত চাগে ভাওৰীয়া হৈ ভাও দিয়া ভাই
বিশ্ব ভাওৰীয়াৰ দেহত যেন একেই ৰক্ত কণিকা
বিশ্ব ভাওনাতেই বিশ্ব ভাওৰীয়াৰ একেই ভাওনা
কোনে ক'ত কি ভাও লয় নাই যেন তাৰ ভিন্নতা
বিভেদকামী মন আঁতৰাই আনে সৃষ্টিৰ মাধুৰ্য্যতা
বিশ্বৰ ঘৰে ঘৰে বিশ্ব ভাওনাৰ সৃষ্টি কামী সভা
বিশ্বয়েই এই জীৱন নাটৰ আখৰা গৃহ ভাওনাৰ
জীৱন নাটৰ ভাওত আমি ভাগৰিও নাই ভাগৰা
দেশেই দেশে দেশ আছে কতনা ভাওৰীয়া দেশ
হাঁহি-কান্দোন,হৰ্ষ-বিষাদৰ কোনে কি লয় ভাও
সময়েই শিকাই যাবহি ভাওনাৰ চিত্ৰনাট্য সংলাপ
কোনে কিমান জানো দক্ষতাৰেই কৰিব চাগে ভাও
বিশ্ব ভাওনাৰ হৈ যেন সকলোৱে মহান ভাওৰীয়া
সময়েই পট পেলাব এদিন জীৱন নাটৰ ভাওনাত -----!
✍️নিপু কুমাৰ দাস
ঠিকনাঃ কাজিপাৰা,নলবাৰী ৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ