বোলে বেটি আৰু জোঁৱাই কিহত আহিলি অ" ???
এহ বাটতে পাই ধেৰধেৰি এখনতে উঠি আহিলো ৷
বোলো দুইহাতে খালিনে ???
নাই নাই… ……৷ এহ গৈ পাওঁতেই ঘূৰি আহিৱলৈকে হ'ল ৷ গাড়ী নাপাম নহয় ,শেষৰ খন গাড়ীত উঠি ওঠ আৰু কোৱাৰি ফাটি যোৱাকৈ চেলেকি চেলেকি ঘূৰি আহিলো ৷
আকৌ কেতিয়াৱা যাবি আক' মাহে পষেকে গৈয়ে থাকচোন…………
………নাই নাই নাযাওঁ আৰু দেই ৷ আইয়ে বোপায়ে গোটাই গোটাই কষ্ট কৰি খুওৱাব আৰুআমি গৈ গৈ খাই থাকিম ৷ ঘনে ঘনে এনেকৈ গ'লে মানুহে আমাৰ দুটাক "উৰুলি পুঙা তিৰি, পদূলি শুঙা গিৰি বুলি বৰকৈ হাঁহিৱ ৷ "বেচি ঘনাই অহা যোৱাত মৰম চেনেহ নাইকীয়াহে হয় অ' , অধিক মিঠা পৰুৱাই খাই বুলি ভয় এটা আছে নহয় ৷ এবাৰ পৰুৱা বগাইছিলেই নহয় ৷
✍️সুৱৰ্ণ বৰুৱা
নামৰূপ ,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ