অনুতাপ- জ্যোতিষ্ক বৰুৱা

©Admin
0
অমৃত ৰঞ্জন কাকতি এজন নামজ্বলা বিধায়ক ৷ আজিলৈকে পাঁচবাৰ নিৰ্বাচনত জিকিছে ৷ ভৃগু,অৰ্ণিৱান,স্বপ্নিল তাৰ বিশ্বাসী মানুহ ৷ সকলো কাম কাজ ক'ত কাক কিদৰে বিলাব লাগে, তদাৰক কৰিব লাগে সকলো সিহঁতৰ নিয়ন্ত্ৰণত থাকে ৷ সিহঁতৰ ওপৰতেই তাৰ সকলো ভৰসা ৷ মুকুন্দ শইকীয়া বিধায়ক কাকতিৰ প্ৰাইভেট চেক্ৰেটেৰী হোৱাৰ লগতে লীগেল এডভাইজাৰ ৷

এদিনাখনৰ কথা সমষ্টিত থকা বিধায়কৰ কাৰ্যালয়ত বহি বহি কাকতিয়ে তাৰ চেক্ৰেটেৰী মুকুন্দ শইকীয়াক মাতিলে ৷ অ' শইকীয়া শুনকচোন ৷
মুকুন্দ শইকীয়া:-অ' ছাৰ কওকচোন !
 কাকতি:- হেৰি নহয় ! কথা এটা কওঁ আমাৰ দলৰ ল'ৰা দুটামানেই সদায় কাম পাই থাকে ৷ কেৱল মোৰ কাৰণেই বাকী দিনে নিশাই কষ্ট কৰি থকা আৰু দুটামান ল'ৰা আছে সিহঁতকো সৰু সুৰা কাম দুটামান দিম বুলি ভাৱিছো ৷ এই যে বুবুল,অনিল,দ্বীপেন,হৰেণ অলকহঁতক এবাৰো কাম এটা দিৱ পৰা নাই ৷ এই দুখীয়া ল'ৰা কেইটাক কিমান আৰু এনেকৈ খটুৱাই থাকিম ,কিমান আৰু আঁচনিৰ ধন দি থাকিম ৷ সেইকেইটা টকাৰে সিহঁতৰটো ঘৰ নচলে ৷ ভাৱিছো চলিৱ পৰাকে সৰু সুৰা ঠিকাৰ কাম দুটামানকে দি দিওঁ নেকি?
মুকুন্দ শইকীয়া:- হেৰি নহয় ছাৰ ৷ আপুনি এনেয়ে সিহঁতৰ কথা ভাৱিছে ৷ সিহঁত দেখাতহে দুখীয়া যেন লাগে ৷ আচলতে চিকটা টাইপৰ মানুহ সেইকেইটা ৷ চাহ- বাগান অলপ অলপ আছে,খেতিও আছে ৷ পুখুৰীত মাছ, বাৰীত তামোল- পান,হাঁহ-কুকুৰা,ছাগলী এপাল মান পোঁহে ৷ এইবোৰ বেচি যথেষ্ট উপাৰ্জন কৰি বেংকত জমা ৰাখে কিন্তু এটকাও খৰচ নকৰে ৷ যথেষ্ট টকা পইচা আছে ৷ মানুহক দেখুওৱাইহে ভিকহুৰ দৰে থাকে ৷ লাখ টকাৰ মালিক সিহঁতবোৰ ৷ আপুনি এনেয়ে এইবোৰ চিন্তা কৰিছে ৷
কাকতি:-অহ ,হয় নি ?? হ'ব তেন্তে দিয়া ৷
         
          অন্য এদিনৰ কথা ৷ কাকতিয়ে দিছপুৰৰ সচিবালয়ৰ পৰা আহি পোনে পোনে আহি খং মনেৰে সমষ্টিৰ বিধায়কৰ কাৰ্যালয়ত সোমাল ৷ আহিয়েই চেক্ৰেটেৰী শইকীয়াক অলপ টানকৈ মাতিলে ৷ 
কাকতি:-শইকীয়া………ক'ত আছে আপুনি ?ভিতৰত কি কৰি আছে… …এইফালে আহক ৷
মুকুন্দ কাকতি:- অ' ছাৰ পালেহি ৷
কাকতি:-হুমমম……৷ এইবোৰ চোৱা 
ফাইলৰ ৰিপোৰ্টবোৰ চোৱা ! দুবছৰৰ পৰা সমষ্টিত কাম ভালদৰে নাই হোৱা ৷ প্ৰতিটো কামতে বিহংগতি ৷ খেলি মেলি ৷৷ কাম শেষ নৌ-হওঁতেই বিল আনি শেষ ৷ মিছাতে মোক কাম শেষ হ'ল বুলি চহীবোৰ তুমিয়েই কৰাইছিলা ৷ সেই কেইটাই মোক শেষ কৰিলে ৷ অহাবাৰলৈ টিকট পাম নে নাপাম তাৰ ঠিক নাই ৷ বাতৰি কাকততো মোৰ বিৰোদ্ধে এই ক্ষেত্ৰত বেয়াকৈ লিখিছে ৷ সেইদিনা যে মই কৈছিলো বুবুল,অনিল,দ্বীপেন,হৰেণ অলকহঁতৰ কথা ৷ সিহঁতক মাতি আনা ৷ এইবাৰৰ পৰা সিহঁতকে শিকাই বুজাইলৈ কাম দিম ৷
মুকুন্দ শইকীয়া:- হেৰি নহয় ছাৰ ৷ সিহঁতকেইটাই পাৰিৱ জানো ছাৰ ?
তাতে টকা পইচা নথকা দুখীয়া ল'ৰা ৷ কাম লৱলৈ পুঁজিৰ ধন ক'ত পাব সিহঁতে ? আগৰ কেইজনকে মাতি কেইটামান ধমক দি কাম ভালকৈ কৰিৱ কলেই হ'ল ৷
কাকতি:- আপুনি এইবোৰ কি কৈছে শইকীয়া ??? কিছুদিনৰ আগত বুবুল,অনিল,
দ্বীপেন,হৰেণ অলকহঁতৰ দেখুন চাহ-বাগিছা,খেতি,বাৰীৰ তামোল-পান,হাঁহ পাৰ বেচিয়েই বহু টকা বুলি কৈছিলে ৷ এতিয়া আকৌ সিহঁত কেতিয়াৰ পৰা কেনেকৈ দুখীয়া হ'ল, মোক কওকচোন ? ??
অ' ঠিকাদাৰৰ লগত মিলি আপুনি কাম শেষ হ'ল বুলি মোক মিছাকৈয়ে কৈ বিল বোৰত চহী কৰাই সিহঁতবোৰৰ পৰা কমিচন লয় নহয়নে ????
মুকুন্দ শইকীয়া:- নহয় মানে ছাৰ !…ম……মম…মই মানে……
কাকতি:-শইকীয়া…! মই আৰু আপোনাক বুজি পাৱলৈ বাকী নাই ! মই আপোনাক কামত লগাওঁ বিনিময়ত মইতো আপোনাক দৰ্মহা দিওঁ… কমিচনৰ অংকত ধৰিলগৈ যে ??? কিবা টকা পইচাৰ অসুবিধা হলে মোক নকয় কিয় ? ইমান বছৰ মোৰ লগত থাকি মোক আপুনি নুবুজিলেনে? ???
মোৰ লগত থাকিৱ আছে যদি ভালে ভালে এতিয়াই গৈ বুবুল,অনিল,দ্বীপেন,হৰেণ অলকহঁতক মাতি আনকগৈ ৷ নিৰ্বাচনলৈ আৰু এবছৰ বাকী এইবাৰৰ পৰা আগৰবোৰক কাম নিদি ইহঁতকেইটাকেই এইবাৰৰ পৰা কাম দিম ৷ চৰকাৰী সূতা,কম্বল,কৃষক পেঞ্চন,ৰেচন কাৰ্ড আদি আঁচনিৰ টকা কেইটাতে সন্তুষ্ট হৈ ইমান বছৰে মোৰ লগত থাকি মোৰে হৈ অত'বছৰ বিশ্বাসেৰে বিশ্বাসীৰ দৰে কাম কৰি আছে ৷ সুবিধা পালে সিহঁতে মোৰ হৈ আৰু ভাল কাম কৰিৱ ৷ আপোনাৰ লগতে সেইমখাক সুবিধা দি আপোনালোকে মোক কি কৰিলে তাক এতিয়া মই বাৰুকৈয়ে বুজি উঠিছো ৷ গতিকে এতিয়াই যাওক,বুবুল,অনিল,দ্বীপেন,হৰেণ অলক, সিহঁত কেইটাক মাতি আনক ৷ আৰু মই মতা বুলি ক'ব ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)