আকাশৰ জোনটিৰ পোহৰত
ৰাগি লাগিছিল ,
পোহৰ বোৰ মোৰ মুখত তোমাৰ হেঁপাহত
আশা বোৰো বাঢ়িছিল
তোমাৰ পৰশত ।
বহুদিনেই হ'ল জোনাকৰ এনিশা
তোমাৰ সৈতে ভাবৰ বিনিময় নকৰা
হয়তো হ'ব পাৰে বয়সৰ টনা আজৰা
নতুবা জোনটিয়ে
মেঘৰ আঁৰত লুকাই থকা
নহয়তো অজুহাত ক্ষন্তেক জিৰণি লোৱাৰ ।
আজি পিছে জোনগলা জোনাকী নিশা
উজাগৰে থাকি তিতি যাম তোমাৰ ভাবনাত
মোৰ স্বপ্নৰ পৃথিৱীত ব্যাকুল আৰু নিশাৰ নীৰৱতাক সাবটি ।
ইমান জোনাকৰ বৰষুণ
যেন সপোনৰ ছিৰিয়েদি
অমানিশাৰ ডাৱৰ ঠেলি
নামিছে মোৰ দিঠকত আহি ।
তথাপিও আজি চোন
মোৰ যে নাই টোপনি
সাৰে আছো মই আৰু
হয়টো সাৰে আছা তুমি ।
আঙুলিৰ ফাঁকেৰে চালো জোনলৈ
জোনৰ বুকুত দেখিলো তোমাৰ প্ৰতিচ্ছবি
কিয় বাৰু মোলৈ পিঠি দি
উচুপিছ তুমি ?
মই বাৰু কেনেকৈ যাম টোপনি ....
শেষ ৰাতি তোমাৰ উশাহৰ বতাহে
আহি মোক দিশহাৰা কৰেহি ।
বুকুৰ সেউজীয়া পৃষ্ঠাত
লিখিছিলো
অপেক্ষা তোমালৈ বুলি,
এৰা, কোনোবা এদিন হয়তো আহিবা তুমি
জোনাকৰ এনিশা পোহৰৰ বৰষুণত তিতি
যেতিয়া গোটেই পৃথিৱী থাকিব শুই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ