জোনাকে শীকৰ দিছে ছটিয়াই,
দুবৰি বনৰ পাতৰ আগত দুটোপাল নীৰ
ল'লে সাৱটি সৰা কুসুমৰ হিয়াই।
যৌৱন অংকুৰিত শেৱালিৰ পাহি
চঞ্চল হিয়াত বয় আহিনৰ উপচা সৰিৎ,
মিহিৰ কিৰণত জিলিকা কহুৱা সুমন
এজাক বালিমাহী উৰি যায় বতাহৰ গতিত।
অপৰাহ্ন নিলিমা যেন তাতে স্তব্ধ
ৰক্তিম বিয়লি মহীধৰৰ শুকুলা পাগুৰি,
ফাকু খেলি হ'ল আলসুৱা মেঘ ৰাঙলি
অস্ত আকাশৰ আলোকত ৰুধিৰ পয়স্বিনী।
এচাটি মলয়া যায় ধাননি বুলাই
আহিনৰ লখিমীৰ সেউজীয়া হাঁহি,
জোনাকৰ বৰষুণত তিতা মোৰ হিয়া
বুকুৱেদি বৈ যায় শৰতৰ পৰশ লাহী ।
আকাশত তৰাৰ ৰত্নগৰ্ভা
শেৱালিৰ সুবাসত বলিয়া জুৰমলয়া,
শৰত আহে এনেকৈয়ে
হিমচেচাঁ জোনাকত হৈ মতলীয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ