সাঁজৰ তৰা-ভাগ্যশ্ৰী বিনীতা

©Admin
0
মোৰ সতে কথা পতাৰ কথা
মলয়া জাকক কবিনে . . .
অ মোৰ সাঁজৰ শুৱনি তৰা ।।

জোনৰ জেউতিতকৈয়ো চৰা
সাঁজৰ শুৱনি তৰা . . .
জিক্‌মিক্‌ পোহৰে তুলি ধৰা
অ মোৰ সোনোৱালী 
সাঁজৰ শুৱনি তৰা . . .।।

বা লগা জোনাকত
কঁপিছে মোৰ হিয়া
বুকুত বাজিছে মোৰ
তোৰ গানৰ বীনা . . . ।।

মেঘ ফুলে ঢাকিছে তোক 
নিশাৰ আকাশত . . .
ৰজনীগন্ধা ফুলিছে মোৰ
গধুলি পৰত . . . ।।

তোৰ সতে বহু কথা আছে মোৰ
অ' সাঁজৰ শুৱনি তৰা
নিলিম আকাশখন দিবিনে মোক ঘূৰাই
অহা গধুলি মেঘ আঁতৰাই পোহৰ দিবি
বজাম তোৰেই গীতৰ বীনা  ।।
------------------0-----------------
                     ✍️ভাগ্যশ্ৰী বিনীতা
                         তাৰিখ-23/8/2023.

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)