কিবা এটা সঠিক যেন লগা নাই।আচহুৱা!মই পুৱাৰ পৰা মন কৰিছোঁ।প্ৰথম কথাটো হ'ল আজি বতৰটো গোমা।গতিকে মনটোও স্বাভাৱিকতেই গোমা।কোনোবা আপোন,যাক সকলো কথাই বিনাদ্বিধাই ক'ব পাৰি,লগ পোৱা হ'লে চাগৈ চকুৰে বাৰিষাৰ ঢলেই বৈ গ'লহেঁতেন।তেতিয়া অন্ততঃ ভাল লাগিলহেঁতেন।দ্বিতীয়তে,মোৰ শৰীৰটোৱে আজি উভতগোৰে নাচিছে।মোৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈছে।মন আৰু শৰীৰৰ টনা আজোৰাত মই ভীষণ অস্বস্তি পাইছোঁ।কিন্তু কাক ক'ম?এইবোৰ কথা আনক কৈ পুতৌৰ পাত্ৰ হোৱাত মোৰ অলপো আগ্ৰহ নাই।
লাহে লাহে মোৰ শৰীৰৰ অৱস্থা আৰু অধিক অস্বাভাৱিক হৈ আহিল।মই ঘামিবলৈ ধৰিলোঁ।কিন্তু ঘামবোৰ আঠা আঠা যেন লাগিল।মোক যেন ভিতৰৰ পৰা কিবা এক শক্তিয়ে চেপি আনিছে।মোৰ কোষৰ পৰা কোষৰস(চাইট'প্লাজম)বোৰ বাহিৰলৈ ওলাই কোষবোৰ ক্ৰমশঃ সৰু হৈ আহিল।লাহে লাহে মোৰ আকাৰ ইমানেই সৰু হ'ল যে কিতাপত দেখা ক্ষুদ্ৰ অদ্ভুত আকৃতিৰ অণুজীৱবোৰ মোৰ বাবে প্ৰকাণ্ড হৈ পৰিল।এখন নতুন পৃথিৱীৰ ভয়ানক পৰিস্থিতিৰ মাজত মই বিলীন হৈ পৰিলোঁ......।
....................
অণুজীৱৰ জগতত ৰবট।মোৰ অবাক হোৱাৰ পাল।আচলতে সেয়া ৰবট নহয়।কিন্তু আকাৰত এক যন্ত্ৰৰ দৰেই।যেন কোনোবা নিপুণ অভিযন্ত্ৰাৰ অপূৰ্ব পৰশত যন্ত্ৰটিত গতিৰ সঞ্চাৰ হৈছে।এয়া বেক্টেৰিয়'ফেজ ভাইৰাছ।নিৰ্জীৱ সিহঁত।মহাশূন্যত নিথৰ,নিস্তেজ হৈ ঘূৰি ফুৰিছে।এনে লাগিল,সিঁহত যেন কোনোবা বেক্টেৰিয়াৰ সন্ধানত।যাৰ স্পৰ্শ পালেই সিঁহতে বংশবৃদ্ধি কৰিব আৰু সেনাদল তৈয়াৰ কৰি অণুজীৱৰ পৃথিৱীত আধিপত্য বিস্তাৰ কৰিব।
এট ভাইৰাছ মোৰ ফালে ধাৱমান হৈছে।মই বৰ এটা ভয় খোৱা নাই।কাৰণ মই জানো যে বেক্টেৰিয়'ফেজে কেৱল বেক্টেৰিয়াৰ দ্বাৰাহে বংশবৃদ্ধি কৰিব পাৰে।যিদৰে উদ্ভিদ বা প্ৰাণী ভাইৰাছে উদ্ভিদ বা প্ৰাণীৰ কোষৰ দ্বাৰাহে বংশ বঢ়াব পাৰে।গতিকে বংশ বঢ়াব নোৱাৰিলে আক্ৰমণৰ প্ৰশ্নই নুঠে।কিন্তু সেয়া ভ্ৰান্তি প্ৰমাণিত হ'ল।ভাইৰাছটোৱে মোক যুদ্ধংদেহি ৰূপেৰে খেদি আহিল।মই পলাব লাগিছিল।কিন্তু মোৰ হাত-ভৰিবোৰ জথৰ হৈ আহিল।গোটেইখন ধোঁৱা-কোঁৱা দেখিলোঁ।ধূসৰতাৰ আৱেষ্টনীত মোৰ দৃষ্টি বিলীন হৈ গ'ল।
...........
চকু খোল খালে।সন্মুখত ভাইৰাছটো নাই।কাষলৈ চালো।এটা ট্ৰিপেন'চ'মা আৰু ভাইৰাছটোৰ মাজত তুমুল ৰণ।ট্ৰিপেন'চ'মা এক এটা কোষৰ প্ৰাণী যি জৈৱবিজ্ঞানিক শ্ৰেণীবিভাজনৰ প্ৰ'টিষ্টা ৰাজ্যৰ অন্তৰ্গত।মই ভাবি পোৱা নাই।পৰজীৱী প্ৰাণীটোৱে মোক বচাই বলিৰ পঠা হৈছেনে নে ভাইৰাছটোৱে নিজেই তাক আক্ৰমণ কৰিছে।যি কি নহওঁক,মোৰ লগত লাগি কোনোবা বিপদত পৰিব সেয়া মই কোনোপধ্যেই সহিব নোৱাৰিম।মই লো এডুখৰ পালোঁ।বুজিলো,সেয়া নিশ্চয় লোৰ এটা অণু।তাৰেই মই ভাইৰাছটোৰ দীঘল ডিঙিসদৃশ অংশত প্ৰহাৰ কৰি তলৰ অংশৰ পৰা পৃথক কৰি দিয়াৰ পৰিকল্পনা কৰিলোঁ।আশা এটাই আছিল,সি যাতে বংশবৃদ্ধিৰ ক্ষমতা হেৰুৱাই অচল হৈ পৰে।এয়া তেতিয়াহে সম্ভৱ যেতিয়া তাৰ নেজবোৰ নাথাকিব।আশাতীতভাৱে লো-কণাটিৰ লেশমান স্পৰ্শতে সি ধূলিস্যাৎ হৈ গ'ল।লোৰ লগত তাৰ দেহৰ বিক্ৰিয়াত উৎপন্ন তাপে তাক ধ্বংস কৰি দিলে।ট্ৰিপেন'চ'মাটো মুক্ত হ'ল।ধন্যবাদৰ আশা নাছিল তথাপি পালোঁ।
লাহে লাহে মোৰ কোষৰ আকাৰ বাঢ়িবলৈ ধৰিলে।অদ্ভুত অণুজীৱবোৰ ক্ৰমাৎ নমনা হৈ আহিল।এটা সময়ত মই মোক নিজৰ বিছনাখনত আৱিষ্কাৰ কৰিলোঁ।বৰ আচহুৱা লাগিল।বতৰটো এতিয়া যথেষ্ট ফৰকাল হৈছে।আচৰিত অভিজ্ঞতাবোৰ বুকুত সযতনে সাঁচিলো।এতিয়া অলপ সতেজ হ'ব লাগে।গা-মোচাখন ডিঙিত আঁৰি মই কোঠাৰ পৰা ওলাই গ'লো।
*ঋতুৰাজ বৰা*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ