শিশু আৰু মানসিক বিকাশ-জ্যোতিষ্ক বৰুৱা

©Admin
0
সৃজনশীলতাৰ দৃষ্টিভংগীত আজিৰ শিশুৰ মনৰ ভিতৰত উন্মেষণ ঘটাবলৈ হ'লে জন্মগত ভাৱে পোৱা বুদ্ধিক এক ব্যক্তিত্বৰে গঢ়িৱ পৰাটোৱে শ্ৰেষ্ঠতম হোৱাৰ পৰিচায়ক ৷ বুদ্ধিয়েই হ'ল একমাত্ৰ মানসিক ক্ষমতা য'ত অধ্যয়নৰ পৰা পোৱা জ্ঞান , সমাজ আৰু পৰিবেশৰ পৰা জ্ঞান আহৰণ কৰি সমস্যা বোৰৰ সমাধান কৰি পৰিৱেশৰ মাজত সমাযোজন কৰিৱ পাৰি ৷ বুদ্ধি হ'ল এক বহল পৰিসৰৰ মানসিক গুণ যিয়েই এজন ব্যক্তিক কাৰ্যক্ষম কৰি তোলাৰ লগতে নিজৰ স্বকীয় ব্যক্তিগত ক্ষমতা আৰু যোগ্যতাক উত্তৰণ ঘটাই প্ৰকাশ কৰে ৷
বুদ্ধি হল এক বিমূৰ্ত্ত  চিন্তন ক্ষমতা ৷বুদ্ধি কোনো অভিজ্ঞতা বা শিকনৰ ফল নহয় বৰঞ্চ ই জন্মগত ভাৱে পোৱা মানুহৰ চেতনাত থকা স্বতস্ফুত: বৰ্হিপ্ৰকাশ ৷ বিভিন্ন ধৰণৰ শিক্ষাৰে পোৱা জ্ঞানক চেতনাৰে বুদ্ধি প্ৰয়োগ কৰি বাস্তৱ সমস্যা আৰু পৰিৱেশৰ লগত সমাযোজন ঘটোৱাৰ উপলব্দি কৰাই তোলে ৷ সকলোতে বুদ্ধিয়েই হ'ল সফলতাৰ মাপকাঠী ৷ মানুহৰ চেতনা, চিন্তা, বিভিন্ন দিশৰ পৰা আহৰণ কৰা শিক্ষাৰ জ্ঞানেই  মগজুত কৰা ক্ৰিয়াৰ ৰূপান্তৰৰ ফলশ্ৰুতিয়েই বুদ্ধি ৷ কৌশলগত আহৰণ,স্মৃতি,যুক্তি,বিভিন্ন ধৰণৰ চিন্তা-চৰ্চা,সমস্যা আদি সমাধানৰ মনত উৎপন্ন হোৱা ভাৱনাত্মক লব্ধিবোৰ নিজৰ মানসিক ক্ষমতাক পৰীক্ষামূলক, অনুসন্ধানমূলক ভাৱে,অধ্যয়ণমূলক ভাৱে পোৱা জ্ঞানক চেতনাৰেৰূপ দি উত্তীৰ্ণ হ'ব খুজা চৰ্চাও এক প্ৰকাৰৰ বুদ্ধিৰেই অংশ বিশেষ ৷
মনত ৰাখিবলৈ চিন্তা কৰা প্ৰক্ৰিয়াও যেন এক বুদ্ধিৰেই সংকেত ৷ এক কথাত ক'বলৈ গ'লে স্মৃতি, চিন্তা,চেতনা,অধ্যয়ণ,জ্ঞানক  প্ৰয়োগৰ বিবেক মাত্ৰাৰ শেষ ৰূপান্তৰতেই যেন মগজুত বুদ্ধিৰ উৎপন্ন হয় ৷ মগজুৰ পৰা পোৱা সংকেতত দশো ইন্দ্ৰিয়ক সজাগ কৰি হাতে কামে জাগ্ৰত হৈ বুদ্ধিক বাস্তৱায়িত ৰূপত প্ৰকাশ ঘটাই প্ৰতিটো কামক ৰূপ দি  সফলতাৰ দিশেৰে লৈ যায় ৷ যাৰ জৰিয়তে একো একোজন ব্যক্তিৰ ব্যক্তিত্বৰ পৰিচয় ঘটাই ৷ বৰ্তমান সময়ত শিশুৰ মানসিকতাক সৃজনশীলতাৰ ৰূপত গঢ় দিয়াৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে আছে আৰু থাকিব লাগিব ৷ গতিকে শিশুৰ শাৰিৰীক,মানসিক,আধ্যাত্মিক দিশ,চিন্তা-চৰ্চাৰ বিকাশ সাধনত গুৰুত্ব দিয়া উচিত ৷

  ✍ জ্যোতিষ্ক বৰুৱা ৷
নামৰূপ,অসম
মোৱাইল নং:৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)