জীৱন পথৰ শেষ যাত্ৰা-দ্বীপ দীপাংকৰ লাহন

©Admin
0
আজি আকাশৰ মেঘবোৰো
মেঘাচ্ছন্ন হৈছে

নতুন আলহীক আদৰৰ আনন্দত ডাৱৰ বোৰেও খিলখিলাই হাঁহিছে

কাৰণ আজি যে মোৰ মৃত্যু হ'ব।

সৌৱা চোৱা দূৰ-দিগন্তৰ পৰা মোক কোনোবাই হাত বাউলি মাতিছে

সেইয়া নিশ্চয় মোৰ মৃত্যুৰ ক্ষণ গণি থকা মৃত্যুৰ দণ্ডাধীশ

উশাহ বোৰ ক্ৰন্বানয়ে ছুটি হৈ আহিছে
বিষত শৰীৰটোৱেও ইচাত-বিচাত কৰিছে

আজি যে মোৰ বিদায় বেলিকাৰ শেষ ক্ষণ।

নাজানো আৰু কিমান সময় ধৰিত্ৰীৰ বুকুত আশ্ৰয় ল'ব পাৰিম

চকুযোৰেও বাৰে বাৰে নিদ্ৰা দেৱীৰ কোলাত নিদ্ৰাত মগ্ন হ'ব বিচাৰিছে চিৰদিনৰ কাৰণে

চেষ্টা কৰিছো চকুযোৰক জোৰেৰে মেলি ৰাখিবলৈ
কিন্তু ব্যৰ্থ হৈ পৰিছো।

আপোন মানুহ বোৰক কাষত পোৱাৰ দুৰ্বাৰ হেঁপাহ
হেঁপাহ বোৰ যেন ধূলিৰ লগত ম্লান হ'ব

মন যোৱা নাই সেউজীয়া পৃথিৱীৰ নিঁভাজ মৰমবোৰ এৰি যাবলৈ

মন যোৱা নাই এৰি যাবলৈ শৈশৱৰ সেই স্মৃতি বোৰ

কিন্তু এইয়াইটো সত্য,এইয়াইটো প্ৰকৃতিৰ নিয়ম
জন্ম হ'লে মৃত্যু অনিবাৰ্য্য
এদিন সকলোকে এৰি যাব লাগিব

আপোন মানুহ বোৰৰ কেঁচা মৰম বোৰ এৰি যাবলৈ মন যোৱা নাই

মোৰ মৃত্যুত আত্মীয়ই চকুলো তুকিব
আজলী আই জনীয়ে হিয়া উজাৰি কান্দিব

চিঞৰি চিঞৰি ক'ব মোক মাৰি নিনিলা কিয় ভগৱান 
মোৰ ল'ৰাটোৰ ঠাইতই
কিন্তু আইৰ সেই কৰুণ বিননি শুনিবলৈ সেই সময়ত ভগৱানৰ যেন সময় নহ'ব

গাঁৱৰ সকলো মানুহ আহিব মোক শেষ বিদায় দিবলৈ
যেতিয়া মোৰ নিথৰ দেহটো আইয়ে বৈ থোৱা উকা চেলেং খনৰ তলত পৰি ৰ'ব
ধূপ-ধুণা জ্বলাই মোক বিদায় দিব

একে ডাল বাঁহৰে তিনি চেও কৰি মাজৰ চেও কচালিৰ কামিলৈ থ'ব

চাৰি জন মানুহে কান্ধত তুলি নি মোক
নৈ পাৰত সাজি থোৱা চিতাত তুলি দিব
জ্বলাই দি মোৰ নিথৰ দেহটোক দিব শেষ বিদায়

ক'ব চিতাৰ কাষত ৰৈ থকা গাঁৱৰ জ্যেষ্ঠ জনে
এইয়াই জীৱন পথৰ শেষ যাত্ৰা।

🖊️ দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)