মোৰ বৰ প্ৰিয় ,
যি জাকত তিতিলে
কেৱল তুমি দেখা
আৰু তোমাক মই ।
তোমাৰ চাঁৱনিৰ প্ৰতিটো শব্দ বাজে
মোৰ হৃদয়ত,
আশাৰ অন্তত পোৱা
হিয়াৰ বতৰা
শব্দই দি নামে ।
কাজল সনা দুচকুৰে আহে বৈ
সিখনি মৰমৰ নৈ ।
ভাটিৰ পৰা বৈ অহা বতাহ চাতিত
জঁটলগা শব্দত বিচাৰি পাইছোঁ আঁত
সাৰথি হৈ হাতত হাত থৈ
ভাবিছোঁ
যাম আগুৱাই বহুযোজন বাট ।
প্ৰখৰ ৰ'দৰ জিৰণিৰ অকণমান ছাঁ,
গ্ৰীষ্মদিনৰ গছতলত বহি
দেহ-মন জুৰুৱা এচাটি বা
কি লাগে নো আৰু....
কি নো লাগে ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ