স্বাধীনতা দিৱস- লহৰজ্যোতি মৰাণ

©Admin
0
আমাৰ দেশ, 
আমাৰ ৰাষ্ট্ৰ, 
নাম ভাৰতবৰ্ষ
১৯৪৭ চনত হৈছিল
স্বাধীন ৰাষ্ট্ৰ। 

আমাৰ দেশৰ সৈন্য বীৰ জোৱান সকল
দেশ ৰক্ষাৰ বাবে দিয়ে আত্মবলিদান
তেওঁলোকৰ বাবে আমি 
হাজাৰ হাজাৰ বাৰ যাঁচিছো প্ৰণাম। 

৭৭তম স্বাধীনতা দিৱস
এইবাৰ বৰ বিশাল আয়োজন, 
নৰয় কোনো বাদপৰি
হৰ ঘৰ ত্ৰিৰংগা আহিছে উৰি উৰি।

ওপৰৰ ৰং গেৰুৱা বুজায়
ত্যাগ আৰু শান্তিৰ প্ৰতীক, 
মাজৰ ৰং শুকুলা বুজায়
আত্মনিয়ন্ত্ৰণ,সত্যপথৰ পোহৰ প্ৰতীক, 
মাজত অশোক চক্ৰ ই বুজায়
ধৰ্ম অনুশানৰ প্ৰতীক, 
তলৰ ৰং শ্যামল বুজায়
প্ৰাণৰ প্ৰাণ প্ৰতীক। 

জন্মভূমি আমাৰ-মাতৃভূমি আমাৰ
দেশপ্ৰেম জাগে আমাৰ ভাৰতবৰ্ষক
আহা এইবাৰ আমি সকলোৱে মিলি উদযাপন কৰোঁ 
আজাদী কা অমৃত মহোৎসৱ। 

দে' এইবাৰ জয় ধ্বনি
কঁপাই যাওঁক আমাৰ দেশ
ভাৰত মাতা কি জয়। 
ভাৰত মাতা কি জয়। 
ভাৰত মাতা কি জয়। 
জয় হিন্দ। 
জয় ভাৰত। 
বন্দে মাতৰম্।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)