স্বাধীনতা-হিতেশ কুৰ্মী

©Admin
0
হে বীৰ ছহীদ প্ৰণামো তোমাক 
               নিজৰ প্ৰাণ দি স্বাধীন কৰিলা আমাক ।
    ইমান দিনে বৃটিছৰ তলত আছিলোঁ খাটি 
           ইংৰাজে নিলে সমগ্ৰ ভাৰতক  লুটি।
   গান্ধীজী তোমাৰ সত্যৰ বাণী
            সকলো ভাৰতৰ জনতা জাগিলে শুনি ।
    কনকলতাৰ দৰে আছে নে সাহসী নাৰী
           ইংৰাজৰ বন্দুকৰ আগত দিছিল বুকু পাতি।
 অসংখ্যক জোৱানে দেশৰ কাৰণে দিছে বলিদান 
          সেই সকলে  আজিও ৰাখিছে জাতীয় পতাকাৰ মান।
হে বীৰ ছহীদ দেখিছা নে চকু মেলি 
        আজিৰ সমাজখন হিংসাই পৰিছে ভৰি।
নিজৰ প্ৰাণ আহুতি দি কৰিছিলা দেশ স্বাধীন
      কিন্তু এছাম লোকৰ তলত হৈ আছে দেশ এতিয়াও পৰাধীন। 
কোন কত আছা ওলাই আহা জননী সন্তান 
     জাগিব হ'ল দেশৰ কাৰণে আকৌ দিব লাগিব প্ৰাণ।
হে বীৰ স্বহীদ আকৌ এবাৰ জনালোঁ তোমাক প্ৰণাম
     নিজৰ প্ৰাণ দি ৰক্ষা কৰিলা দেশৰ সন্মান ।।
        
                                            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)