হেৰুৱা সুৱাস-মিনু ডেকা

©Admin
0
:এনেকৈ কি চাইছা অনুৰাগ...!

:তোমাকেই চাইছো !

: আজি মোক কিনো নতুন দেখিলা এনেকৈ যে চাব লগা হ’ল !

:তেতিয়া দোকানখনৰ পৰা পানী এবটল লওঁতে দোকানী জনে তোমালৈ কেনেকৈ চাইছিল দেখিছালানে !

:দেখিছিলোঁ ,সেইটো কিনো ডাঙৰ কথা হ’ল ৷ চকুৰ সমুখত পৰিলে মানুহে মানুহলৈ চায়ে ৷

:মোৰ কিন্তু দোকানী জনৰ চাৱনিত তেনেকুৱা নালাগিল !

: কথাবোৰ ইমান অকাইপকাই কিয়নো কৈ আছা ,কি দেখিলা দোকানী জনৰ চাৱনিত ?

:সন্দেহ ! 

: সন্দেহৰ কথা আৰু ক’ৰ পৰা আহিল ৷দোকানীজনে কি সন্দেহ কৰিব পাৰে !

: তুমি সঁচাকৈ অলপো বুজা নাই নে বুজিও নুবুজাৰ ভাও ধৰিছা ৷তুমি গহীন হৈ থাকিলেও তোমাৰ ভিতৰৰ মানুহজনী যে চঞ্চল হৈ আছে তোমাক দেখিলে ধৰিব পাৰি ৷

:হয় নেকি ! তাৰে লগত দোকানীজনৰ সন্দেহৰ কাৰণটো বুজি নাপালোঁ !

: দোকানী জনে তোমাক মোৰ পত্নী নহয় বুলি সন্দেহ কৰিছে ৷আমি দুজনক প্ৰেমিকপ্ৰেমিকা বুলি ভাবিছে...!

: ইয়ে হয় নেকি...! কথাটো ভাবি তোমাৰ কেনেকুৱা লাগিছে ...!

: মই স্বাভাৱিকতে ৰোমাঞ্চিত হৈ পৰিছোঁ ৷ সেইকথাটো মোৰ চাৱনিত জানো তুমি বুজিব পৰা নাই !

: মোৰ চঞ্চলতাৰ ৰহস্যৰ উমানো তুমি চাগে ধৰিব পাৰিছা...!

:পাৰিছোঁ মনালি ৷ 
বিয়াৰ আগতে আমি যে এহাল প্ৰেমিকপ্ৰেমিকা আছিলোঁ সেইকথা ভাবিলে এতিয়া আচৰিত লগা হ’ল নহয়নে .. ! চাকৰি কৰি ঘৰসংসাৰ চলাই ,ল’ৰাছোৱালীক মানুহ কৰা আদি কৰ্মব্যস্ততাৰ মাজত আমাৰ নিজৰ ভাল লগাবোৰ কৰবাত হেৰাই পেলাইছিলোঁ...!
তোমাৰ মনত আছেনে, তুমি যে চুলিখিনি অলপ ওপৰত বান্ধি ফোটতো অলপ ডাঙৰকৈ লৈ চানগ্লাছযোৰ পিন্ধি ওলাইছিলা,সেইদিনা তোমাৰ প্ৰেচাৰৰ টেব্‌লেতো ল’বলৈ ফাৰ্মাচীত সোমাওঁতে  ফাৰ্মাচিষ্ট জনে গাড়ীৰ ভিতৰত থকা তোমালৈ চাই মোক হাঁহি মাৰি কৈছিল : মিছেছে নে চাৰ ! চিনাকি ফাৰ্মাচিষ্ট জনৰ কথাত মই এক নতুনত্ব পালোঁ ৷ গাড়ীত বহিহে তোমালৈ ভালদৰে চালোঁ ৷সঁচাকৈ সেইদিনা তোমাক আনদিনাতকৈ বেলেগ দেখা হৈছিল। 

:বেলেগ মানে ?

:আচলতে মই তোমাক বহুদিন দেখাই নাছিলোঁ ৷ তোমালৈ চোৱাৰ অৱকাশেই যেন পোৱা নাছিলোঁ ৷ তুমি সঁচাকৈ এতিয়াও বয়সৰ তুলনাত বহুত ধুনীয়া হৈ আছা আৰু সেইদিনাই মোৰ দেখোন নতুনকৈ তোমাৰ প্ৰেমত পৰিবলৈ মন গ’ল ৷ইমান দিন ভাগবতৰা কৰি থকা সময়বোৰৰ কিছুসময়
অকল তোমাকেই দিব মন গ’ল যদিও তুমি কোনোদিনে মোক অভিযোগ কৰা নাই ৷

: আমি নিজকে যিমানে আধুনিক বুলি নাভাবিলেও ভাৰতীয় নাৰীসকলে বহুত সময়ত নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ কিমান যে সংকোচ বোধ কৰোঁ ৷ সেইদিনা তুমি মোলৈ আৰ চকুৰে চাই থকা ধৰিব পাৰিছিলোঁ যদিও সুধিব পৰা নাছিলোঁ কিন্তু ঘৰত গৈ
আয়নাৰ ওচৰত ময়ো নিজকে চাই আনমনা হৈ পৰিছিলোঁ ৷ নিজক লৈ কোনো কথাতে বিশেষ গুৰুত্ব নিদিয়া মইজনীয়ে সেইদিনাৰ পৰাই সাজসজ্জাৰ লগতে শৰীৰটোৰো সাধাৰণ কিছুমান যোগ অভ্যাসেৰে যতন লবলৈ ধৰিলোঁ ৷ তাৰ পিছত অতি কম দিনৰ ভিতৰতে বহুদিনৰ আগৰ সময়বোৰ ওভতাই পোৱা যেন লাগিল ৷

: তুমি নক’লেও কিছুমান কথা মই তোমাৰ ভাবভংগীতে বুজি পোৱা হ’লোঁ ৷ আজিয়েই আহিবলৈ প্ৰথম লগ ধৰোতে তুমি একেষাৰেই না’ কৰিছিলা ৷ ঘৰখন তেনেকৈ এৰি আহিবলৈ তুমি কোনো পধ্যেই মান্তি হোৱা নাছিলা আৰু যেতিয়া সেই সকলোবোৰৰ ব্যৱস্থা কৰা বুলি গম পালা তেতিয়াৰ পৰাই তোমাৰ মুখত
হাঁহি এটা লাগিয়েই থাকিল ৷ আৰু তাকে দেখি দোকানীজনে তোমাক মোৰ প্ৰেমিকা বুলি সন্দেহ কৰিলে হাঃ হাঃ...
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)