সৰগৰ পৰা নিয়ঁৰ টোপাল সৰিছে
সজাল ধৰা সেউজীয়া বোৰত এটি-দুটি
মুকুতা হৈ জিলিকিছে
মনত পৰিলেই ফো'নত মাতষাৰ শুনিবলৈ
মনে তীব্ৰ সন্ত্ৰাস চলায়- -
ৰ'বই নোৱাৰি -------
সংযোগ - - - -
খুব সুন্দৰ সোণ- সেৰনীয়া গীতৰ কলি বাজি উঠিল
ফো'ন কল টো সংগ্ৰহ হ'ল
হে -- ল্লো , হেল্লো , ---- হে ল্লো
একো মাতিব নোৱাৰিলো
এক অবুজ আনন্দত মতলীয়া
তিনিটা শব্দ ই
তিনিটা কবিতা
প্ৰথম টো মৰম উপচি বাগৰিল
দ্বিতীয় টোৰে চুম্বনৰ আক পৰিল দুগালত
তৃতীয় টোৰে কোলাত উঠি বুকুত হেঁচি ধৰিলে ।
✍️যদুমণি গগৈ
গেলেকী (শিৱসাগৰ) ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ