বৰষুণ••লহৰজ্যোতি মৰাণ

©Admin
0
বতাহৰ বোকোচাত
সৰাপত সিঁচৰতি হৈছে, 
শুকুলা মেঘ ডাৱৰৰ মাজে মাজে
নামি আহিছে এজাক বৰষুণ। 

হৃদয় পৰশ আজি 
বৰষুণ জাকৰ মাজত 
বিচাৰি পাইছো, 
নীৱৰ সহানুভূতিৰ 
প্ৰেম নিবেদন। 

জীৱনৰ অতীত বেলা আকৌ
মনত পেলাইছো,
তাহানিতে মহৰি যাব ধৰা 
ফুলপাহি যেন আকৌ জীপাল হ'ব ধৰিছে, 
সেই বৰষুণ জাকৰ মাজত। 

আন্ধাৰে আৱৰি ধৰা প্ৰতিজ্ঞাবদ্ধ
লালকাল টোপনিৰ অনুভৱহীনতা
এজাক স্বপ্ন ভঙ্গ ধুমুহা 
তাৰ ফাকে ফাকে জিলিকি উঠিছে
বৰষুণৰ টোপালবোৰ। 

চুটি জীৱনত বহু আশা থাকে
যেন হেৰাই যাব ধৰে, 
ভগবানক কৰা সেই বিশ্বাস বোৰ 
কেতিয়াবা হেৰাই যাব ধৰে, 
সেই আস্থাবোৰ ! 
য'ত তুমি কোৱা এষাৰি বাক্য
হেৰাই যাব নিদিও তোমাৰ আবেগবোৰ 
আকৌ এবাৰ ধিয়াই নিলে বৰষুণ জাকে
সেই আবেগবোৰ।। 

✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)