মই কবিতা নিলিখোঁ
নুবুজানো কিয় ?
অনুভৱবোৰ জীয়াই ৰাখিবলৈ
কৰা চেষ্টাৰ বাবেই
শব্দৰ সাজোনত
কবিতাই গা কৰি উঠে।
কিছুমানে কথা কয়
কিছুমানে সুবাস দিয়ে
কিছুমানে এৰাসুঁতিৰ লগত
গোপন মিতিৰালি কৰে।
হ'লেও সিহঁত মোৰেই সৃষ্টি
ডায়েৰীৰ উকা পৃষ্ঠাবোৰ
ভৰাই তুলিবলৈ
সিহঁতৰ যথেষ্ট কাকূতি
সিহঁতে নদী হৈ নামে
জোনাকৰ সুবাস দিয়ে
সাগৰৰ গভীৰতাত
মানিক বুটলে।
তৰাৰে মালা গাঁথি
হেঁপাহ গুজি গুজি
প্ৰেমৰ সোপান গঢ়ে।
হয়---
কবিতা মোৰ প্ৰাণ
মোৰ অনুকম্পাৰ জীয়াধল
আৱেগৰ মিঠা স্পন্দন
নহয় ই কেৱল
শব্দৰ অব্যৰ্থ সাজোন।
সেয়ে কওঁ
শব্দৰ বাবে কবিতা নিলিখোঁ
অনুভৱবোৰ জীয়াই ৰখাৰ স্বাৰ্থতে
ভিন্ন সময়ৰ কল্প চিত্ৰ অংকন কৰোঁ...।
✍️আয়নাল হক , ধুবুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ