ব্যক্তিগত মতামতেৰে একলম- জ্যোতিষ্ক বৰুৱা

©Admin
0
মানুহৰ ভাল কৰ্ম,ইচ্ছাক,প্ৰশংসা বোৰ কেৱল মোৱাইল,লেপটপ,টিভিত চাই ফেচবুক,টুইটাৰ ইত্যাদিতে লাইক, কমেন্ট, শ্বেয়াৰ কৰিলেই সকলো দায়বদ্ধতা আৰু মানুহে মানুহৰ প্ৰতি থকা মানৱতাৰ প্ৰকাশ পাইনেকি বাৰু ? নে ই আমাৰ মাজত ইজনে সিজনক সন্তুষ্ট কৰি ৰখাৰ কৌশল ? নে ইজনে সিজনৰ প্ৰতি আনুগত্য থকা বুলি দেখুওৱাৰ প্ৰাথমিক কৃতজ্ঞতাৰ কৃত্ৰিম প্ৰয়াস ???? 
চুনামী,প্ৰাকৃতিক দুৰ্যোগ,বানপানীৰ সময়ত বা কোনো কোনো সময়তহে মাহ,পষেক ,ছমাহ,বছৰত কোনোবা একোণত মানৱতা কিছু সময়ৰ বাবে জাগ্ৰত হয় ৷ কিন্তু কেতিয়াৱা ঘৰৰ কাষৰ মানুহ এজনৰ বহুদিন ধৰি অসুখত পৰি থাকিলেও যেন খবৰ লবলৈ সময় নাথাকে ৷ বাটে পথে কণা, কোঁজা,বোবা, বিকলাংগ ব্যক্তি সকলেও কিবা এটা ভিক্ষা খুজিলেও সেই সময়ত কিন্তু বহুজনৰ মানৱতা জাগ্ৰত হোৱা দেখা নাযায় ৷ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী ভাল দৰে পাচ কৰিলে কিছু সহায় কৰি দিবলৈ,দুখীয়া পৰিয়াল এটিৰ ছোৱালী এজনীৰ তোলনী বিয়া এখন তুলিবলৈ কিমান মানুহ মানৱতাৰে আগবাঢ়ি আহে বাৰু ??? কথাৰে, ভাষণেৰে,প্ৰশংসা পত্ৰ বা মানপত্ৰই যেন মানৱতাক সিমানতে সামৰিব শিকিছোঁ ৷ বাকীখিনি লাইক,কমেন্ট, শ্বেয়াৰ কৰি অনুৰাগী সমৰ্থনৰ সংখ্যা হিচাপ কৰি মোবাইল,কম্পিউটাৰ, লেপটপত দিন-ৰাতি এক কৰোঁ ৷এইয়া জানো মানুহে মানুহৰ মাজত মানৱতাৰ পৰিচয়ৰ বিশাল অৰ্থ ????

        ওচৰৰ আৰ্তজনেই হওঁক, বিপদত পৰা জনক,ভোকাতুৰজনক ,বাটে ঘাটে কোনোৱা বিপদত পৰা ব্যক্তিয়েই হওঁক সময়ত সাহস ,ভোকত ভাত, পিয়াহত পানীটুপি যদি দিবই নোৱাৰোঁ তেন্তে কিহৰ মানৱতা ??? নহয়নে ??? 
  
            হৰিণ বা অন্য বন্য জীৱ জন্তু মাৰিলে বা চিকাৰ কৰিলে আইন আছে ৷কাৰণ সিহঁতৰ সংখ্যা কম আৰু ক্ৰমাত প্ৰজাতিবোৰ লোপ পাই আহিছে ৷ তাক সংৰক্ষণৰ দোহাই দি আইনীয় ব্যৱস্থাত সুৰক্ষিত কৰি ৰখা হৈছে মানে তাক খাব নোৱাৰি ৷ কিন্তু গাহৰী-ছাগলীৰ সংখ্যা ইহঁতবোৰলৈ বেছি বুলি মানুহে পোহনীয়া কৰি কিন্তু কাটি মাৰি খোৱা হৈছে ৷ গাহৰী-ছাগলীতকৈ কিন্তু পৃথিৱীত মানুহৰ সংখ্যা বেচি ৷ এহ বোলে হৰিণ বা অন্য বনৰীয়া জন্তু মাৰিলে হত্যা বা বধ কৰিলে অপৰাধী ৷ কিন্তু ছাগলী,গাহৰিবোৰ বোলে মাৰিব পাৰি, বলি বিধানটোত পৰে ৷ 
মানুহে মানৱতাৰ দোহাই দি মানুহে মানুহৰ মাজত বিশ্বজুৰি আইন বনাইছে ৷ মানুহে মানুহক হত্যা কৰিলে সি অপৰাধী ৷ নিৰিহ মানুহক হত্যা কৰি ধনে-সোণে লুটপাট কৰা চোৰ-ডকাইতৰো আইনৰ মজিয়াত মানৱতাৰ দোহাই দি কাৰাদণ্ডহে দিয়া দেখা যায় ফাঁচী বা নিৰ্মম ভাৱে শাস্তি দি কিন্তু মৃত্যুদণ্ড দিয়া নহয় ৷ যদিও দিয়ে সেইয়া কম সংখ্যক লোককহে দিয়া দেখা যায় ৷ কেতিয়াৱা দেশসমূহৰ আইনে অপৰাধীবোৰক কেৱল মাত্ৰ কাৰাদণ্ডৰে কিন্তু হৰিণ, বন্য প্ৰাণীৰ দৰে সংৰক্ষণ কৰা যেনহে লাগে ৷ এইবোৰ ভাৱিলে কেতিয়াৱা মানৱতাবোধৰ চিন্তনত মানুহৰ মাজত কিবা আসোঁৱাস ভৰা যেনহে মনত অনুভৱ হয় ৷

            মানৱতাবোধৰ কক্ষপথত মানুহে যিদৰে অৱস্থান কৰি থাকিব লাগে তেনেদৰে জানো মানুহৰ মানৱতা প্ৰতিক্ষণত নিজৰ শৰীৰ মাজত অনবৰতে অৱস্থান হৈ থাকে ????

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)