নিবন্ধ-লক্ষেশ্বৰ হাজৰিকা

©Admin
0
লিখা, লেখা, লিখনি, লেখনি, লেখনী, লিখক / লিখিকা, লেখক /লেখিকা আদিঃ
এই কেইটা শব্দ ব্যৱহাৰ কৰোঁতে মানুহৰ প্ৰায়ে ভুল হোৱা দেখা যায়। প্ৰথমে কোৱা ভাল হ'ব-লিখনি,লেখনি এই শব্দ দুটা অভিধান সন্মত নহয়। বহুতে কিবা ৰচনা বা প্ৰবন্ধ( article)ৰ ক্ষেত্ৰত এই শব্দ দুটা ভুলকৈ ব্যৱহাৰ কৰে। বহুতে লেখনীও ব্যৱহাৰ কৰে। আচলতে লিখনী বা লেখনী-ৰ অৰ্থ হ'ল কাপ, কলম( a pen); তুলিকা( a painter's brush)। লিখা-১) লিখ্ ধাতুৰ পাচঁ‌নী ৰূপ; ২) বিণঃ যিহত লিখিব পাৰি বা যিটো লিখা হৈছে, তেনে(লিখা কাগজ - fit to write on; written); ৩) লিখা-খনঃলিখি উলিওৱা ৰচনা; চিঠি( a written paper; a letter) আদি। তেনেকৈ লেখা মানে-১) লিখিত কাগজ; চিঠি( a writing; a letter)। ২) সাহিত্য-কৃতি( a literary work)। গতিকে কিবা ৰচনা, প্ৰবন্ধ আদিৰ ক্ষেত্ৰত সাধাৰণতে লেখা ব্যৱহাৰ কৰা হয়। যেনে-আপোনাৰ লেখাটো দিব। আনহাতে তোমাৰ লিখাখন( মানে চিঠি বা লিখি ৰখা ৰচনাখন) দিবাচোন। আমি বিশেষকৈ প্ৰবন্ধ-পাতিৰ ক্ষেত্ৰত লেখা বেছিকৈ ব্যৱহাৰ কৰোঁ। লিখিত মানে যিটো লিখা হৈছে, তেনে( written)। লিখক-লিখিকা আৰু লেখক-লেখিকা-ৰ মাজত কিছু পাৰ্থক্য আছে। সাধাৰণ অৰ্থত যি লিখে সিয়েই লিখক(পুং) বা লিখিকা(স্ত্ৰী) [one who writes)। কিন্তু লেখক মানে-ৰচক; গ্ৰন্থকাৰ( a writer; an author)। স্ত্ৰীঃ লেখিকা। আমাৰ মানুহৰ এইবিলাক লৈ প্ৰায়ে খেলি-মেলি লাগে বা নিজৰ অজ্ঞতাৰ বাবে ভুলকৈ প্ৰয়োগ কৰে। ল'ৰাটোৱে এখন চিঠি লিখি আছে মানে বুজিব লাগিব ল'ৰাটো এজন লিখক; সি লেখক নহ'বও পাৰে।  ড° হীৰেন গোহাঁই এজন জনপ্ৰিয় লেখক। মণিকুন্তলা ভট্টাচাৰ্য এগৰাকী জনপ্ৰিয় লেখিকা। তেখেতসকলো লিখক-লিখিকা। অৰ্থাৎ সকলো লেখক-লেখিকাই লিখক-লিখিকা; কিন্তু সকলো লিখক-লিখিকাই লেখক-লেখিকা নহ'বও পাৰে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)