তোমাৰ অবিহনে অসুখী মই-প্ৰিয়ংকা হাজৰিকা

©Admin
0
ৰিক্ততাক আঁতৰাই অস্তিত্বৰ পূৰ্ণতাৰে
মোৰ হৃদয়ত খোজ পেলাইছিলা তুমি
ৰঙা গোলাপৰ দৰে ফুলি উঠিছিলা তুমি
মোৰ কোমল হৃদয়ত....
কোৱা শুনো!প্ৰেমৰ ৰং হেনো গোলপীয়া 
ময়ো ফুলি উঠিছিলো এপাহি গোলপীয়া গোলাপৰ দৰে___
মৰহি থকা মনৰ গোলাপ জোপা 
জী উঠিছিল___
তুমি যেতিয়া এজাক প্ৰেমৰ বৰষুণ হৈ
মোৰ দেহ তিতাই দিছিলা !
লাহে লাহে আমাৰ দুটি মন এক হৈ পৰিছিল,
কিন্তু হঠাতে সপোনবোৰ হেৰাই গ'ল
আন্ধাৰৰ বুকুত___
আশাবোৰ আজি ক'লা ৰঙে ছাতি ধৰিছে
মোৰ সপোনবোৰ ,হাঁহিবোৰ আজি
চকুলো হৈ সৰিছে!
মই যেন এতিয়া নিসংগ হৈ পৰিছো
হাঁহি,সপোন,আশা,জীৱনৰ ৰং
সকলো সকলো হেৰাই গ'ল মোৰ 
সকলো সপোন উৰি গ'ল বতাহৰ বাত 
তোমাৰ অবিহনে অসহায় ,অসুখী মই।।

                                  *প্ৰিয়ংকা হাজৰিকা*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)