বাৰিষা••মণিকা গগৈ

Rinku Rajowar
0
বাৰিষাৰ ৰিমঝিম বৰষুণত
সেউজীয়া ৰঙৰ সমাৱেশে
প্ৰকৃতিক সৌন্দৰ্য্যৰ ভূষণ পিন্ধাই 
মেঘে মাদল বজায়
বিজুলীৰ চমকনি উঠে
সূৰুযে লুকাভাকু খেলে।

বাৰিষা মানেই কৃষকৰ সপোনে
পাহি মেলাৰ সময়
শাওণৰ ভৰুণ পথাৰৰ সেউজীয়া দলিচাই
কৃষকক আনন্দৰ সুবাস বিলাই 
পানীৰ যুৱলিত পুঠি,ডঁৰিকনা,খলিহনাই 
খলখলাই আনন্দত নৃত্য কৰে।

বাৰিষাত যৌৱনপ্ৰাপ্ত কল্লোলিনীয়ে
ঠেহ পাতি ওফন্দি 
দুৰ্গতৰ সপোন ভাঙি
নি:শেষ কৰি নিয়ে উটুৱাই 
সপোনবোৰ চকুলো হৈ সৰি 
শেতেলিৰ গাৰু তিয়াই। 

           ✍️মণিকা গগৈ
           তিনিচুকীয়া,বৰগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)