সময় চাগে থমকি ৰল-হৃদয় কৌশিক

©Admin
0
আজি নাতিটোৱে শুধিছে,
- ককা, তুমি যেতিয়া ডেকা সময়ত আছিলা তেতিয়া জীৱনটো কেনেকোৱা আছিল তোমাৰ?
- কিয় শুধিলা?
- এনেই, কোৱা না?
- ভাল আছিল।
- ভাল মানে?
- আচলতে বহুত ধুনীয়া আছিল।
- তুমি প্ৰেম কৰিছিলা নে?

বৰ বেয়া কথা এটা শুধি দিলে সি। যিটো সময় মই কেতিয়াও পাহৰি  পৰা নাই সেই সময়ৰ কথা শুধিছে সি।

- অ ককা…
- হা…
- কোৱা না?
- অহ, কৰিছিলো।
- সচাই…?
- তুমি এতিয়াই প্ৰেমৰ কথা জানিব পৰা হোৱা নাই নহয়।
- ইচ কিয় বা নহম। ১৭ বছৰ হ'ল মোৰ বয়স।
- অবিচ্ছে হৈছে।
- অহটো, আৰু মোৰ গাৰ্লফ্ৰেণ্ডও আছে।
- ৱাহ… কি নাম?
- এহ মোৰটো বাদ দিয়া। তোমাৰ কাহিনী কোৱা?
- কি কম?
- কোন আছিল তোমাৰ প্ৰেমিকা? কেনেকোৱা আছিল তোমাৰ প্ৰেম কাহিনী?

সেই কাহিনীটো মনত পৰিলে আজিও ভাল লাগে। কৈয়ো ভাল লাগে কোনোৱাক।

তেতিয়া মই মেট্ৰিক পৰীক্ষা দিবলৈ সাজো হৈ আছিলো। আৰু তাইক মই প্ৰায় স্কুললৈ যোৱাৰ বাটত পথাৰত কাম কৰি থকা অৱস্থাত লগ পাইছিলো।

- কিয়, তেও স্কুল যোৱা নাছিল?
- সেই সময়ত প্ৰায় ছোৱালী স্কুল যোৱা নাছিল।
- অহ। বাৰু বাদ দিয়া, কাহিনী কোৱা।

এদিন বহুত পানী পিয়াহ লগাত তাইৰ ওচৰত ৰৈ তাইক মাত লগালো,
- অ… ৰা… শুনাচোন?
- কি?
- বৰ পানী পিয়াহ লাগিছে, খাবলৈ পানী আছে নেকি তোমাৰ ওচৰত।
- আছে ৰবা।

পানীধোক খাই তাইক শুধিলো,
- সদায় তোমাক ইয়াত কাম কৰি থকা দেখি থাকো।
- আব্বাক অকনমান সহায় কৰিবলৈ আহো সদায়।
- অহ। কষ্ট হৈ চাগে ন বহুত?
- তুমি যে স্কুললৈ যোৱা, পঢ়া কষ্ট হয় নে?
- হয় কিন্তু বিশেষ অনুভৱ নহয়।
- মোৰো একেই।
- সেই কাৰনে চাগে সদায় তোমাৰ ওঠত হাঁহিটো দেখা পাওঁ।
- অহ, মই অনবৰতে সুখত থাকো।
- ৱাহ। তোমাৰ নাম কি?
- চফিয়া।
- ধুনীয়া নাম।
- তোমাৰ নাম?
- যাদৱ।

সেইদিনাৰ পৰা সদায় স্কুললৈ যোৱাৰ সয়ত তাইক মাত এষাৰ দি যাওঁ আৰু তায়ো মোলৈ চাই হাঁহি এটি মাৰি দিয়ে।

প্ৰেম চাগে তেতিয়াই আৰম্ভ হৈছিল কিন্তু বুজি পোৱা নাছিলো।

মোৰ মেট্ৰিক পৰীক্ষা শেষ হ'ল। এতিয়া আৰু স্কুল যাব লগিয়াও নাই। 

স্কুল নাই যেতিয়া তাইকো নেদেখা হলো।

প্ৰায় এমাহৰ পিছত বজাৰলৈ গৈছিলো সেই বাটেৰে। সেইদিনা তাই মোক আগভেটি দি ধৰিছে,
- তোমাক নেদেখায়ে হলো।
- স্কুল শেষ হল যে, এতিয়া এইপিনে অহায়ে নহয়।
- এনেওটো আহিব পাৰা কেতিয়াবা।
- আজিকালি দেউতাক দোকানত অকনমান সহায় কৰি দিও।
- অহ, তাৰমানে এতিয়া আৰু তোমাক দেখায়ে নাপাম।
- তেনেকুৱা নহয়।
- হ'ব, যোৱা কত যাব আহিছিলা। পিছত আকৌ মোৰ কাৰনে সময় নষ্ট হোৱা বুলিহে কবা।

মই কিবা কও মানে তাই গুচি গ'ল।
কি হ'ল নাজানো।

চাইকেলখনত বহি যাব লওতেই চাইকেলৰ চেইনডাল কেনেকৈবা চিঙি গল।

চাইকেলখন ঠেলি ঠেলি ঘৰলৈ যাওতে বহুত সময় লাগিল। আৰু গোটেই সময়খিনি তাইৰ কথা ভাবি ভাবি গৈ থাকিলো।

ঘৰ গৈ পোৱাৰ পিছত ভাগৰি যে শুই পৰিম সেয়া নহল। মই তাইৰ কথাকেই চিন্তা কৰি থাকিলো।

"তাই কিয় অভিমান কৰিলে?"

পিছদিনাখন তাইক লগ ধৰিবলৈ বুলি ৯ মাইল বাট খোজ কাঢ়ি গৈ তাইক মাত লগালো,
- চফিয়া…
- কিয় আহিছা?
- কথা আছে তোমাৰ লগত।
- কি কথা? (অভিমানে সুৰেৰে কৈছিল তাই)
- আগতে পানী অকনমান দিয়া তেটু শুকাই আহিছো।

পানীৰ কেটেলিটো আনি মোৰ হাতত দি তাই শুধিছিল,
- চাইকেলখন কি হল?
- যোৱা কালি সেইখিনিতে চেইনডাল চিঙি থাকিল।
- ভালেই হৈছে।
- ইছ কি বা ভাল হল…
- কি কথা আছিল কোৱা?
- যোৱা কালিৰে পৰা তোমাৰ কথাকেই ভাবি আছো।
- কিয়, কি দৰকাৰ পৰিছে মোৰ কথা ভাবিবলৈ?
- নাজানো চাগে… 
- কি?
- চাগে মই তোমাৰ প্ৰেমত পৰিছো।
- হে আল্লা…
- কি হল, একেবাৰে আল্লাৰ নাম ললা যে?
- কি নিলাজ তুমি। এনেকৈ প্ৰেমৰ কথা কোনোৱাই কয় নেকি?
- মই একেবাৰে খোলা কথা কোৱা মানুহ।
- ৱাহ।
- এতিয়া তুমি কোৱা?
- কি কম?
- মোৰ কথা কি ভাবা?
- কিয় কম?
- নকলে মই কেনেকৈ বুজিম?
- নিজে বুজি লবা, যি বুজিব মন আছে।
- নিজেটো ভূল বুজিবও পাৰো।
- ঠিক আছে তেন্তে, অহা কালি আহিবা, তেতিয়া কম।

মই বুজি পাইছিলো, প্ৰেম যে তাইৰ মনটো আছিল। কিন্তু ছোৱালীবোৰে কিয় বা খুলাখুলিকৈ নকয় ভালপাও বুলি?

পিছদিনাখন আকৌ ৯ মাইল খোজ কাঢ়ি গৈ তাইৰ ওচৰ পালো।

তাই সেইদিনা কিবা উদাস হৈ থকা দেখি শুধিলো,
- কি হল, কিবা সেমেকি থকা যেন লাগিছে তোমাক?
- কলিতে ফুল মুহাৰিলে সেমেকিবটো লাগিবই।
- মানে?
- ময়ো তোমাক বহুত ভাল পাওঁ। হয়টো সেয়ে যোৱা ৰাতি সপোনত তোমাক দেখি তোমাৰ নাম কৈ আছিলো। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে আব্বাই কলে,
"এইবোৰ নাভাবিবি একো। সি হিন্দু লৰা।"

- ধেই, সমাজৰ কথা বাদ দিয়া।
- ওহো, নোৱাৰো বাদ দিব।
- কিয়?
- আব্বাই কৈছে যদি সমাজে গম পাই মই হিন্দু লৰা এজনক ভাল পাওঁ বুলি তেতিয়াহলে হেনো আমাক গাঁও পৰা ওলিয়াই দিব।
- এইবোৰ আকৌ…
- নোৱাৰিম দিয়া আমি এক হব। কিন্তু কথা দিছো তোমাক। তোমালৈ মোৰ ভালপোৱা সদায় মোৰ মনত থাকি যাব।

- ইমানেই মোৰ প্ৰেম কাহিনী
- ৱাও ককা। এতিয়া তেও কত থাকে?
- আছে কাল্পনিক চহৰতে।
- লগ পোৱা নে তুমি?
- ওম, মই যে সদায় দেওবাৰে ওলাই যাও, তাইক লগ কৰিবলৈয়ে যাও।
- কি…? তাৰমানে তোমালোকৰ প্ৰেম এতিয়াও আছে।
- অহ, প্ৰেম কেতিয়াবা শেষ হোৱা অনুভুতি হয় জানো।
- নাজানো নহয়।
- সচা ভালপোৱা কেতিয়াও শেষ হৈ নাযায়। আমি একে লগে নাথাকিলো কি হল, প্ৰেম আজিও সিমানেই আছে।
- এনেকৈও প্ৰেম হয় জানো?
- প্ৰেম মানে প্ৰাপ্তি নহয় কেতিয়াও। প্ৰেম মাথো অননু্ৱৰ এক অনুভূতি আৰু ই যুগমীয়া।
- তেও মুছলমান নোহোৱা হলে চাগে এতিয়া তোমালোকে একেলগে থাকিলা হেতেন?
- হয়টো থাকিলো হেতেন! 
- একেলগে নাথাকিও ইমান গভীৰ ভালপোৱা। চ্যেলুট ককা তোমাক।
- সেই যে প্ৰেমত পৰিছিলো সেই সময়খিনি যদি কেতিয়াবা পাহৰি গলো হেঁতেন তেন্তে আমাৰ প্ৰেমো চাগে নোহোৱা হল হেঁতেন। কিন্তু আমাৰ দুয়োৰে মনৰ সময় চাগে থমকি ৰল।

 (কাল্পনিক কাহিনী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)