পবিত্ৰ ভাদ মাহৰ তাৎপৰ্য : বিশ্বাস আৰু পৰম্পৰা- লখিমী শৰ্মা

©Admin
0
অসমীয়া বাৰ মাহৰ প্ৰতিটো মাহৰেই স্বকীয় 
বৈশিষ্ট্য আছে । শাওন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা ভাদ মাহ অসমীয়া বছৰৰ পঞ্চম টো মাহ । ভাদ মাহৰ ভাদ নামৰ উৎপত্তি হৈছে " পূৰ্বভাদ্ৰপদ " নামৰ নক্ষত্ৰৰ পৰা । 
এই ভাদ মাহত ডাঙৰ ডাঙৰ নামঘৰ , বৰনামঘৰ আদিত গুৰুজনাৰ অৱদান নাম - কীৰ্তনৰ ধ্বনিয়ে সকলোৰে মনলৈ ভক্তি ভাৱ আনে । সকলোৱে মিলি বৰনামঘৰ সমূহত একত্ৰিত হৈ সম্পূৰ্ণ ভক্তি ভাৱেৰে ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই ধূপ চাকি জ্বলাই মংগল কামনাৰে শৰাই আগবঢ়াই লৈ প্ৰাৰ্থনা জনায় । 
ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জ্বলাই থৈ যোৱা বন্তি গছি আজিও প্ৰজ্বলিত হৈ আছে , বন্তি গছিৰ নাম হৈছে
 " অক্ষয় বন্তি " । 
অসমীয়া কৃষিজীৱি মানুহে ভাদ মাহত কৃষি কৰ্মৰ পৰা আহৰি পায় । এই মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰী কৃষ্ণৰ আৰ্বিভাৱ হৈছিল । শ্ৰী কৃষ্ণৰ আৰ্বিভাৱৰ সময়ত এক উজ্জ্বল জ্যোতিয়ে প্ৰকৃতিৰ ৰূপ অতুলনীয় কৰি তুলিছিল । কৃষ্ণ লীলাই সকলোৰে হৃদয়ত স্থান লৈছিল । তেওঁক আৱৰ্ত কৰিয়েই গঢ় লৈ উঠিছিল নৱ বৈষ্ণৱ ধৰ্ম আৰু অসমীয়া সংস্কৃতিৰ এটি নৱযুগ । অসমত নৱ বৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্মৰ বীজ ৰোপণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে । 
তেখেতৰ এই ৰসময়ী ভক্তিময়ী ধাৰাই অসমীয়া সমাজ জীৱনক সুপ্ৰতিষ্ঠিত কৰি বৰ্ণ ভেদা-ভেদ নিৰ্মূল কৰি সু-শৃংখল ৰূপে গঢ়ি তুলিবলৈ প্ৰতিষ্ঠা কৰিছিল সত্ৰ আৰু নামঘৰ । 
ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰো তিৰোভাব তিথি । 
সেয়ে এই পবিত্ৰ ভাদ মাহ অসমীয়া লোকসমাজৰ অতি পবিত্ৰ মাহ হিচাপে পৰিগণিত হোৱা দেখা যায় । 
অসমৰ প্ৰতিখন সত্ৰ , নামঘৰতে এই গোটেই মাহ ধৰি চলি থাকে হৰি নামৰ শ্ৰৱণ-কীৰ্তন আৰু 
স্মৰণ । জনবিশ্বাস মতে এই শ্ৰৱণ কীৰ্তন আৰু স্মৰণৰ জৰিয়তেই লাভ কৰিব পাৰে বৈকুণ্ঠ । 
আয়তীৰ নাম প্ৰসংগৰে মুখৰিত হৈ থাকে নামঘৰৰ মজিয়া । ভাদ মাহৰ অষ্টমী তিথিত অতি উলহ - মালহ আৰু ভক্তিভাৱেৰে ভগৱান শ্ৰী কৃষ্ণৰ জন্ম তিথি জন্মাষ্টমী পালন কৰা হয় । 
এই ভাদ মাহত গুৰুজনাৰ প্ৰতি প্ৰাৰ্থনা জনাই সম্পূৰ্ণ ভক্তি ভাৱধাৰাৰে ভক্তপ্ৰাণ সমাজে সত্ৰ আৰু বৰনামঘৰ সমূহত গৈ । হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় সত্ৰ আৰু নামঘৰসমূহত এই মাহটোতেই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)