আন্ধাৰ কোঠালীৰ মাজত নিজকে বিচাৰি ফুৰিছো মই
মই কোন?
প্ৰেমিক পক্ষী
নে মিছা অপবাদত কাৰাগাৰত বন্দী হোৱা কয়দী?
তোমাক হিয়া উজাৰি ভাল-পাওঁ মই
তুমিওতো মোক ভাল পাইছিলা
সাতুৰিছিল গভীৰ সাগৰৰ মাজত
আমাৰ ভালপোৱাই পূৰ্ণতা পাবলৈ
বিনা দ্বিধাই
আশা বালিৰে সজা সপোনৰ ঘৰখন
দিঠকত পৰিণত কৰাৰ সপোন আছিলে আমাৰ
কিন্তু আজি চোন সকলো নিমিষতে শেষ হ'ল।
বালিৰে সজা সপোনৰ ঘৰখনো বাৰিষাৰ বানে উটুৱাই লৈ গ'ল।
কিন্তু কিয় তুমি ছলনা কৰিলা মোৰ লগত
কিয় মোক ঠেলি দিলা অন্ধকাৰময় কাৰাগাৰৰ মাজলৈ
কিয়? মাথোন প্ৰশ্ন তোমালৈ মোৰ
প্ৰেম ভাল-পোৱাৰ দৰে এটা পৱিত্ৰ সম্পৰ্কক তুমি ধনেৰে জুখিলা
মিছা আশা আৰু প্ৰতিশ্ৰুতিৰে মোৰ সপোন ভাঙিলা
নোৱাৰো মই তোমাক সোণৰ সাতসৰী মালাৰে জিলিকাই ৰাখিব
নোৱাৰো মই তুমি বিচৰা ধৰণে তোমাক ধনেৰে উপচাই দিব
কিন্তু সচাঁ ভাল-পোৱাৰে তোমাৰ হৃদয়ৰ নিভৃত কোণ ভৰাবলৈ চেষ্টা কৰিছিলোঁ প্ৰতিপল
সাতোৰঙী ৰামধেনুৰ ৰঙৰে তোমাৰ প্ৰতিটোপল ৰঙীন কৰাৰ সপোন দেখিছিলোঁ
কবিতা লিখি ভালপাঁও মই তোমাক লৈ
কিন্তু তুমি ঘৃণা কৰা
মোৰ ভালপোৱা কবিতাৰ প্ৰতিটো শব্দ
তথাপিও মই তোমাৰ ঘৃণাৰ সাগৰত সাতুৰি ভাল পাঁও অʼ
এবাৰ আহি চাই যোৱাহি না মোৰ মৰমৰ প্ৰিয়তমা
চাই যোৱাহি এবাৰ কি দৰে মোৰ হাতৰ গাঁঠি বোৰ ফুলি গৈছে তুমি টকাৰে কিনা পুলিচ নামৰ দানৱৰ প্ৰহাৰত
কলমটো ধৰিবও নোৱাৰা হ'লো অʼ মই
আঃ বৰ অসহ্যকৰ অʼ এই নাৰকীয় যন্ত্ৰনা
সকলো দুখ পাহৰি আকৌ আজুৰি আনিব খোজোঁ মই আমাৰ সপোনৰ পৃথিৱী খন
আলফুলে সাৱটি ধৰিব খোজোঁ তোমাৰ কোমল দুহাত
মোৰ উশাহ বোৰ গচকি হ'লেও এবাৰ আহানা তুমি
তোমালৈ বুলি সযতনে সাঁচি থোৱা সেই বগা পাৰিজাত ফুল পাঁহ চুই চোৱাহি
যদি যাব খুজিছা আঁতৰি মোৰ পৰা সচাঁকৈ
যোৱা গৈ যোৱা ধৰি নাৰাখো তোমাক
আজি কাৰাগাৰৰ পৰা তোমালৈ মোৰ শেষ কবিতা
মোৰ মৃত্যুৰ পাছত গগণ ফালি চিঞৰিলেও নাপাবা পঢ়িবলৈ তুমি ঘৃণা কৰা মোৰ কবিতা
কিন্তু মই মৰাৰ পাছত মোৰ নিথৰ দেহটোক বিদায় দিবলৈ নাহিবা তুমি
তুমি আহিলে মোৰ মৃত্যু আধৰুৱা হৈ ৰ'ব
চিতাৰ জুইয়েও উচুপি কান্দিব।
মাথো প্ৰশ্ন কৰিবা নিজক
মোৰ চিতা খন কিয় জ্বলিছে !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ