স্বাধীনতাৰ অনুভৱ ••এছ ইছলাম

Rinku Rajowar
0
পৰাধীনতাৰ শিকলি উফৰাই
স্বাধীনতাৰ বাঘজৰী হাতত লৈ
জনগণৰ স্বাৰ্থৰ প্ৰতি 
সহাৰি জনোৱাই স্বাধীনতা।

পৰাধীনতাৰ গ্লানি ম্লান কৰি
স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি
উন্নতিৰ শিখৰত উপনীত হ'ব লৈ
অহৰ্নিশে চেষ্টা কৰে সঁজাতি দলে।

মহান ব্যক্তিসকলৰ আপ্ৰাণ চেষ্টা
কিমান যে কষ্ট কিমান দুখ-দুৰ্দশা! 
সহিছিল স্বাধীন হ'ব লৈ
আজীৱন সংগ্ৰাম চলিছিল।

নিপিড়িত জনগণৰ স্বাৰ্থৰ হকে
সত্যবান জেষ্ঠ্য প্ৰতিনিধি সকলে
শাসন প্ৰণালী লিপিবদ্ধ কৰিলে
বৃহৎ সংবিধান গৃহীত কৰিলে।

সংবিধানৰ নীতিৰে পৰিচালিত
ভোটদান প্ৰক্ৰিয়া ৰাখিলে অব্যাহত
গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল প্ৰচলিত
স্বাধীন দেশ হ'ল গঠিত।

✍️এছ ইছলাম, শিক্ষক
    পঃমইনবৰী,বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)