অব্যক্ত••সোনালী শইকীয়া

Rinku Rajowar
0
✍️সোনালী শইকীয়া
চিন্তামনি গড়,টীয়ক

সপোন হেৰুৱা বাটৰ ভাগৰুৱা এতিয়া কায়াবোৰ....সুখৰ সংজ্ঞা বিচাৰি মায়াজালৰ আবেষ্টনীত সকলো...।

জীৱন বুলিবলৈ উশাহৰ সতে শৰীৰটোহে আছেগৈ আজিকালি মুখা লাগে মানুহক,সুখী হোৱাৰ অভিনয় কৰিবলৈ।হাঁহি বোৰ কৃত্রিম হ'লেও আঁকি ল'ব চোন আপুনিও,ভাল লাগে..। হাঁহি বোৰ যে সংক্রামক।দুখ বোৰ পাহৰাৰ অজুহাতত ভীষণ ব্যস্ত মই..ভিত্তিহীন যদিও নিজৰ ওপৰতে অভিযোগ দিওঁ।কাকো সুখী কৰিব নোৱাৰিলেও দুখী কৰাৰ হাবিয়াসো নাই। আৰু সেইবাবেই নিসংগতা বোৰ আকোৱালি লৈছে জীৱনে শূন্যৰ পৰাই আৰম্ভ, শূন্যতেই শেষ।তাৰ মাজৰ সময় বোৰ যে নাটক... অভিনয়ৰ শেষত আকৌ নিৰৱতা ।

এৰাব নোৱাৰা ব্যস্ততা বোৰ বাঢ়ি যায়।নিজৰ সংগ উপভোগ কৰিবলৈ শিকি লৈছোঁ এতিয়া। উশাহ থকালৈকে হে জীৱন ।অহা বাটেৰেই উভতিব লাগিব। আগুৱাই গৈ আছে খোজ । থমকি যাব হঠাতে।

ভুল বোৰ অনিচ্ছাকৃত । তথাপিও অপৰাধীৰ দৰেই লাগে আনৰ চকুত। চিনাকি মুখবোৰেই হিচাপ নিকাচ কৰে । হাজাৰ ভাল কৰিলেও সেই এটা ভুলতেই মূল্যহীন হৈ যাওঁ। এই যে "কেনে আছা?" বুলি কৰা প্ৰশ্নটোৰ উত্তৰত "ভালেই আছোঁ" বুলি ক'বলৈ অভ্যস্ত হৈ গ'লো। ভাগৰি পৰা মনটোৱেহে জানে ভালে থকা আৰু ভালে আছোঁ বুলি কোৱাৰ মাজৰ পাৰ্থক্য খিনি.......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)