অগ্ৰগামিনী••মমি দত্ত

Rinku Rajowar
0
সময় ঠিক চাৰে দহ বাজিছে । ৰাতিৰ ভাত সাঁজ একেলগে খাই বৈ সকলো শুইছেগৈ। কাম- বন সামৰি তাইয়ো আহি ৰুমত সোমাল । দায়িত্বশীল গৃহিণী তাই । পুৱাৰে পৰা সকলোৰে আলপৈচান ধৰি ৰাতিৰ এই সময়কন একান্তই নিজৰ কৰি ধৰি ৰাখে তাই। এইখিনি সময়ত তাইৰ গৃহস্থও ব্যৱসায়ৰ কামত ব্যস্ত থাকে। সেই সুযোগ গ্ৰহণ কৰি অনুভৱৰ উৎস বোৰ বৰ্ণ আৰু শব্দ হৈ তাইৰ  কলমেৰে নিগমে। 
       
       এসময়ত তাই খুবেই ভাল গল্প লিখিছিল। মহাবিদ্যালয় সপ্তাহৰ গল্প প্ৰতিযোগিতাত প্ৰথম স্থানত সদায়ে তাইৰ নাম জিলিকিছিল । কিন্তু সময়ৰ লগে লগে তাইৰ কলম কিছুদিনলৈ   থমকি ৰৈছিল। বিয়া হৈ অহাৰ পাছৰে পৰা এশ এবুৰি কামৰ ব্যস্ততাৰ অন্ততঃ কিবা এটা লিখাৰ, কিবা এটা ভবাৰ হেঁপাহ খিনি যেন কোনোবাখিনিত হেৰাই গৈছিল।  তেতিয়ালৈ তাইৰ চিনাকি কেৱল এগৰাকী গৃহিণীতেই সীমাবদ্ধ হৈ লৈছিলগৈ। ৰন্ধা-বঢ়া , সৰা- মোচা এইবোৰৰ মাজত নতুনত্ব বুলি যেন একোৱেই নাছিল। প্ৰচাৰ মুখী ছোৱালী জনী ঘৰৰ চাৰিবেৰৰ মাজত চটফটাইছিল মুক্তিৰ আশাত, নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টাত । 
       
      ঠিক তেনে সময়তে তাইৰ মনলৈ আহিছিল স্বৰ্ণলতা বৰুৱা, পদ্মাৱতী দেৱী, প্ৰফুল্লবালা চৌধুৰী, হেমপ্ৰভা দাস আৰু ধৰ্মেশ্বৰী দেৱী বৰুৱানী আদি নাৰী সকলৰ কথা। 

     যি সময়ত অসমত নাৰী শিক্ষা এক প্ৰকাৰৰ অসম্ভৱ আছিল, যি সময়ত নাৰীয়ে ঘৰৰ পৰা বাহিৰলৈ ওলায় অহাৰ সুযোগ পোৱা নাছিল, তেনে সময়তে ঘৰতে সামান্য শিক্ষাৰে শিক্ষিত এইসকল মহিলাই ঘৰুৱা কথাৰেই সাহিত্য ৰচনা কৰি ঔপনিৱেশিক সময়ত একোখন সুকীয়া আসন লাভ কৰিছিল।
       অথচ ! তাইতো শিক্ষিতা নাৰী। সেই সকলৰ তুলনাত সময়ৰ লেখেৰে তাইৰ বহু সুবিধাও আছে। সেই সময়ত ইমান ৰক্ষণশীল সমাজখনত বসবাস কৰিও , আধুনিকতাৰ পৰশ নপৰাকৈও , কোনো ধৰনৰ সা-সুবিধা নথকাকৈয়ো তেওঁলোকে ঘৰুৱা কথা-বতৰাকে সাহিত্যলৈ উন্নীত কৰিছিল। তেওঁলোকৰ সেই সামান্য শিক্ষাৰেই নাৰী সমাজক পোহৰাব বিছাৰিছিল। নাৰী সংগঠনৰ জন্ম দিছিল। আনকি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজেই নেতৃত্ব লৈ পৰম্পৰাগত ভাৱে চলি অহা সমাজৰ প্ৰাচীৰ ভাঙি মহিলা সংগঠন সমূহক উদাত্ত কণ্ঠেৰে উত্তৰণ ঘটাইছিল। পুৰুষতান্ত্ৰিকতাৰ কৱলৰ পৰা ওলাই আহি বহু নাৰীয়েই স্বাৱলম্বী হ'বলৈ শিকিছিল। 
 
        তেনেহ'লে তাই ? তাই তো সাহিত্যৰ ছাত্ৰী আছিল। একবিংশ শতিকাৰ উত্তৰণৰ সময়তো , আধুনিকতাৰ উৎকৰ্ষৰ সময়তো তাইৰ নিজকে বন্দী কৰি ৰখাৰ তাৎপৰ্য কত? তাইক ঘৰখনে বান্ধি ৰখা নাই , সমাজ খনে বান্ধি ৰখা নাই। তেনেহ'লে কিহৰ তাড়নাত তাই নিজকে তেনেদৰে বন্দী কৰি ৰাখিছে ? কিহৰ অভাৱত তাই নিজৰ প্ৰতিভাক লুকুৱাই ৰাখিছে ? 

       সেয়ে এতিয়া ৰাতিৰ এই একান্ত নিজৰ সময় খিনিত উকা কাগজৰ পৃষ্ঠাবোৰত চিয়াঁহীৰে বুৰাই গৈছে তাইৰ বৰ্ণ, শব্দ আৰু অনুভৱৰ উৎসক । যি বৈ যায় মোহনাৰ পৰা সীমনালৈ। কলং কপিলী পাৰ হৈ ভৈয়ামলৈ। আৰু
           উকা পৃষ্ঠাৰ প্ৰাচীৰ ভেদি ছপা পৃষ্ঠালৈ।

     এতিয়া কেইবাখনো ছপা আৰু বৈদ্যুতিন আলোচনীৰ পাতত তাইৰ লেখাবোৰ , তাইৰ অনুভৱ বোৰ ধাৰাবাহিক ভাৱে প্ৰকাশ হয়। চন্দ্ৰপ্ৰভাৰ দৰে এতিয়া তাইয়ো উদাত্ত কণ্ঠেৰে তাইৰ অনুভৱ বোৰ প্ৰকাশ কৰিব পাৰে। এখন নতুন সমাজ গঢ়াৰ নেতৃত্ব ল'ব পাৰে। তাই বিচাৰে , মৃত্যুৰ পাছতো তাইক আনে চিনি পোৱাতো । পাৰিব , তাইয়ো নিজৰ নাম ইতিহাসৰ পাতত খোদিত কৰিব পাৰিব। কেৱল এগৰাকী সু-গৃহিণীতেই তাই নিজকে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰে। তাই নিজৰ নিচাক পেচালৈ উন্নীত কৰিব। তাইৰ নিজৰ বুলি এটা পৰিচয় হ'ব , বহুজনে তাইক চিনি পাব । এসময়ত একবিংশ শতিকাৰ আলোচনাই তাইৰ নামো সামৰি ল'ব।
          আৰু এতিয়া তাইৰ নামত প্ৰকাশিত হয় ইখনৰ পাছত সিখনকৈ গ্ৰন্থ। জীৱনৰ একুৰি দহ বছৰৰ অনুভৱ বোৰে ছপাৰ ৰূপ লয় । তাইৰ ৰচনাৰাজিৰ ওপৰত ভিত্তি কৰি গৱেষণা পত্ৰ প্ৰস্তুত হয়। তাইৰ নিজাকৈ এটি পৰিচয় হয় । স্বাধীনতাৰ পাছতো শোষণৰ নামত পোত গৈ থকা নাৰী সকলৰ বাবে , সমাজত নিজকে প্ৰতিষ্ঠা কৰিব বিচৰা নাৰী সকলৰ বাবে তাই সাহস হয়। তাই প্ৰেৰণা হয় । আৰু হয় এগৰাকী সফল নেত্ৰী। এতিয়া তাইৰ নিচা তাইৰ পেচালৈ পৰিৱৰ্তন হয়। আনৰ ওচৰত হাত পাতিব নলগীয়াকৈ তাই স্বাৱলম্বী হয়। সমাজৰ বিতৰণ বাবে কাম কৰি এতিয়া তাই হয় ' অগ্ৰগামিনী' । সভাই সমিতিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰি তাইৰ চিনাকি হয় বিশিষ্ট গল্পকাৰ সুভ্ৰতা গোস্বামী।

      এৰা ; সঁচাকৈয়ে শুভ্ৰ তাই । ৰাতি ঠিক বাৰ বাজিবৰ হ'ল। নিজৰ কাম সামৰি সুভব্ৰত শুবলৈ আহি গল্পকাৰ পত্নীৰ হাতৰ পৰা কলমটি আঁতৰাই নিদ্ৰামগ্ন মুখ খনলৈ চাই ৰ'ল । তাৰ ব্যস্ততাৰ সুযোগে তাইক গৃহিণীৰ পৰা গল্পকাৰলৈ উত্তৰণ ঘটালে। আৰু তাক এজন সফল ব্যৱসায়ীৰ পৰা এজন সফল পঢ়ুৱৈলৈ। যি প্ৰতি নিশাই ব্যস্ততাৰ অজুহাতত আঁতৰি থাকি , পত্নীৰ লেখা বোৰৰ মাজৰ নিমগ্ন থাকি তাইক লিখিবলৈ সুবিধা দিয়ে। অথচ সুভ্ৰতাই আজিও নাজানে, সিওঁ যে এজন সফল পঢ়ুৱৈ। তাৰ পত্নীৰ প্ৰতিটো লেখাৰ প্ৰথম পঢ়ুৱৈ। 

      নিশা ক্ৰমে গভীৰ হয় । সুভ্ৰতাৰ নিদ্ৰাৱস্থাৰ সুযোগতে সি হাতত তুলি লয় এইমাত্ৰ তাই লিখি শেষ কৰা গল্পটি । সি অধীনৰ অপেক্ষাৰে পঢ়িবলৈ ৰৈ থকা তাইৰ নতুন লেখাটি....... ।

---- সমাপ্ত----


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)