প্ৰতীক্ষা-নৱজিৎ নাথ

©Admin
0
জীৱনৰ এটি মাথোঁ আশা 
আৰু এমুঠি নতুন সপোনক 
সদায় বাস্তৱিত কৰি ৰাখিবলৈ,
হেঁপাহৰ আপোন ঘৰখনিক আৰু 
অধিক এটি নৱ ৰূপৰে সজাবলৈ।।
এটি মাথোঁ অপেক্ষা সদায় মধ্যবিত্তৰ
এটি চৰকাৰী চাকৰি লৈ বুলি।।

সমাজৰ মধ্যবিত্ত পৰিয়ালৰ মাজত 
প্ৰতিজন পিতৃ আৰু মাতৃৰ মুখত। 
সন্তানৰ এটি সুখৰ দিনৰ আশাত 
বৰ্তমান সমাজত দিক্ বিদিক‌ 
হেৰুৱাই পেলাইছে মাথোঁ,
সন্তানৰ অধিক বোজা কঢ়িয়াই ।।
 
বুকুত সদায় বান্ধি ৰখা 
এটি হেঙুলীয়া সপোনক 
নতুন দিগন্তৰ সন্ধানৰ পথত।
সদায় আউলী বাউলীৰে
হাত বাউলী দি এখন 
নতুন পৃথিৱী দিশলৈ বুলি ।।

এটি ৰঙীন মনৰে 
বুকুত সদায় এজাক সুখৰ
 মিচিকিয়াই এটি হাঁহি মাৰিবলৈ।। 
সমাজৰ প্ৰতিগৰাকী জীৱন যোদ্ধাক 
  ৰিঙিয়াই ৰিঙিয়াই মাতি আছে।
 এই বিশাল পৃথিৱীত সুন্দৰ মনৰে 
 সদায় বিলাসীতা অৰ্জন কৰিবলৈ।। 
 
  অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ মহোদয়ৰ প্ৰচেষ্টাৰ বৃহৎ সফলতাত 
 এটি সুন্দৰ নিযুক্তিৰ অপেক্ষাত ...!
কোঠালীৰ  মাজত আবদ্ধ হৈ আছে,
 প্ৰতিটো শিক্ষা জীৱনৰ প্ৰতিখন 
 প্ৰমান পত্ৰ আৰু প্ৰতিটো অনলাইনৰ 
 সেই কাগজবোৰ টোপালবোৰ।।

এটি সুস্থ সৱল আৰু সুন্দৰৰ
 শান্তিময় জীৱন যাপনৰ উদ্দেশ্য ।
 মা আৰু দেউতাকৰ লগতে,
 পৰিয়ালৰ আৰু সমাজৰ মাজত 
 এটি সুন্দৰ বাতাবৰণ বিৰাজৰে।।
মনৰ সেই অলীক সেউজীয়া 
সপোনবোৰে সদায় সেউজীয়া 
কৰি  সঞ্চিত কৰি ৰাখিবলৈ।।

এটি নতুন সপোনৰ স্বপ্নৰ বতৰাৰে  
যুদ্ধকালীন কঠোৰ সংগ্ৰামৰে ,
অধীৰ হেপাঁহৰে  জীৱনৰ সেই
 বিশেষ এটি মিঠা ক্ষণলৈ বুলি সদায় 
  অপেক্ষাৰে বাট চাই ৰৈ আছোঁ।।

✍️নৱজিৎ নাথ।
ছিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)