শংকৰী যুগৰ অসমীয়া সাহিত্যৰ চমু আলোকপাত-চম্পাৱতী কলিতা

©Admin
0
বিশাল অসমীয়া জাতিৰ স্থিতি , চেতনা আৰু বৈশিষ্ট্য সম্পৰ্কে চিন্তা চৰ্চা কৰাৰ সময়ত যিদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৰণ অবিহনে অসফল ভাষাৰ ক্ষেত্ৰতো গুৰজনাক বাদদি অসমীয়া ভাষা অসম্পূৰ্ণ যেন হ'ব। বিশেষকৈ শংকৰীযুগৰ সাহিত্য অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক অতুলনীয় ঢাপ। এই ঢাপৰ পৰাই আজিৰ অসমীয়া ভাষা সাহিত্যৰ তুলনামূলক চিন্তা কৰিব পৰা যায়।
সাহিত্যক আলোচনাৰ সুবিধাৰ্থে আমি বিশ্লেষণ কৰিব লাগিব এই যুগৰ সাহিত্যৰ পটভূমি, বৈশিষ্ট্য, ধাৰা আৰু  এই সময়ৰ সাহিত্যৰ প্ৰকাৰ।

    ক) পটভূমি: মহাপুৰুষ জনাই সাহিত্য সৃষ্টিৰ কাম হাতত লোৱাৰ সময়ত কামৰূপ-অসমৰ ভৌগোলিক আৰু ঐতিহাসিক পৰিস্থিতি আজিতকৈ বহুত বেলেগ আছিল।ভৌগোলিক পৰিস্থিতিৰ ফালে চাবলৈ গ'লে সেই সময়ত অসমৰ ভৌগোলিক পৰিস্থিতিয়ে বৰ্তমানৰ প্ৰাগজ্যোতিষপুৰৰ ভৌগোলিক সীমাৰেখা অতিক্ৰম কৰি গৈছিল বুলিও কব পৰা যায়।চাৰিসীমা হিচাপে উত্তৰে হিমালয়ৰ পাৰ্বত্য অঞ্চল, পূবে তীৰ্থশ্ৰেষ্ঠা দীক্ষুনদী বা দিস্কৰ মন্দিৰ, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু সাগৰৰ সংগম অঞ্চল আৰু পশ্চিমে কৰতোৱা নদীলৈকে সামৰি লৈছিল। 
        গুৰুজনাৰ সাহিত্য সৃষ্টিৰ প্ৰাকমূহুৰ্ত্তত এই অঞ্চল বিশেষে বিভিন্ন জনজাতীয় ৰজা, আহোম, ভূঞা, চুতীয়া, কোচ আদি ৰজাই ৰাজত্ব কৰিছিল। ৰজাসকলৰ মাজত শান্তি আৰু প্ৰীতি অক্ষুন্ন ৰখাত ব্যাঘাত হৈছিল। খৃষ্টাব্দ ৭ম শতিকাৰ পূৰ্বৰে পৰা হিন্দু ৰজাসকলে খৃ :১২ শতিকালৈ ৰাজত্ব কৰিছিল যদিও পিছলৈ বিদেশী মুছলমান আক্ৰমণকাৰীৰ আক্ৰমণৰ বাবে শাসন আৰু স্থিতিত ব্যাঘাত হৈছিল। সেইসময়ৰ অসমৰ জনবসতি সেৰসেৰীয়া থকাৰ বাবে অষ্ট্ৰিক, কিৰাত , মংগোলীয়, নৰ্দিক আৰু দ্ৰাবিড় ভাষিক পৰিয়ালৰ লোকসকলে গঠিত হৈছিল। তেতিয়াৰলোকৰ কৃষি আৰু বৃত্তিয়ে আছিল মূল জীৱিকাৰ উপায়।ব্ৰাহ্মণৰ যাগ-যজ্ঞ, কায়স্থসকলৰ লিখা-মেলা হিচাব-নিকাচ , বৈশ্যৰ বেহা-বেপাৰ আৰু সাধাৰণ শ্ৰেণীৰ লোকে খেতিয়ক আৰু সৈনিক ৰূপে দেশৰ সেৱা সাধন কৰিছিল। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন কাৰণত অহা লোকসকলে খিলঞ্জীয়া লোকৰ লগত যোগ দিছিল।হিন্দু ধৰ্মই মুখ্য ধৰ্ম আছিল বাবে জনজাতীয় লোকসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি সম্প্ৰীতিৰ পথ ৰচনা কৰিছিল। শৈৱ আৰু শাক্ত ধৰ্মৰ প্ৰাধান্য বেছি আছিল যদিও বৈষ্ণৱ ধৰ্মৰো পয়োভৰ নথকা নহয়। মহাপুৰুষজনাৰ শংকৰী সাহিত্যৰ বিকাশত ভক্তি মাৰ্গ আৰু পূৰ্ব কবি(মাধৱ কন্দলি)ৰ প্ৰভাৱেও যথেষ্ট সহায় কৰিছিল। 
    গুৰুজনাৰ নৱবৈষ্ণৱ যুগৰ সাহিত্য ভক্তি আন্দোলন ভিত্তিক আছিল। ভজ্ + ক্তিন, অৰ্থাৎ বিশেষ ব্যক্তি বা ঈশ্বৰক ভজনৰ জৰিয়তে অন্তৰত উদয় হোৱা আসক্তিয়ে ভক্তি। সাধাৰণ অৰ্থত যাক ঈশ্বৰ সেৱা বুলিও কব পাৰি। এই ভক্তিক বহলাই দুটা ভাগত ভাগ কৰিব পাৰি- ক) গৌণি ভক্তি বা সাধন ভক্তি আৰু খ)পৰা ভক্তি।
     গৌণি ভক্তিত ভক্তিয়ে মুখ্য স্থান নাপায়, গৌণ স্থান হে পায়। ই পঞ্চ অংগযুক্ত (উপাসক, উপসা, পূজা দ্ৰব্য, পূজা-বিধি আৰু মন্ত্ৰ)
       পৰা ভক্তিত ভক্তিয়েই মুখ্য স্থান লাভ কৰে। ভক্তিৰস সৰ্বস্ব অৱস্থাৰ নামেই পৰা ভক্তি।ইয়াত কামনা বাসনাৰ গোন্ধ অলপো নাথাকে। ঈশ্বৰ চিন্তাত নিমগ্ন হৈ তেওঁৰ প্ৰেমত আপ্লুত হোৱা অৱস্থাৰ নামেই পৰাভক্তি।
     ভক্তিক আকৌ আন চাৰিটা উপভাগতো ভাগ কৰা দেখা যায়। যেনে–সাত্বিকী, ৰাজসী, তামসী, নিৰ্গুণা বা জ্ঞানময়ী ভক্তি। সেইদৰে শ্ৰীমদ্ভাগৱত-পুৰাণ আৰু অন্যান্য ভক্তি শাস্ত্ৰত নৱবিধা ভক্তিৰ কথা উল্লেখ আৰু বাখ্যা আছে। মহাপুৰুষজনাই সেই নৱবিধা ভক্তিৰে উল্লেখ কৰিছে  তলত দিয়া ধৰণে–১)শ্ৰৱণ  ২)কীৰ্তন ৩)স্মৰণ  ৪)অৰ্চন  ৫)পদসেৱন  ৬)দাস্য  ৭)সখ্য বা সখীত্ব  ৮)বন্দন আৰু  ৯)আত্মনিবেদন।


      শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ভক্তিধৰ্মৰ বৈশিষ্ট্যৰাজি এনেধৰণৰ-

১) গুৰুজনাই প্ৰৱৰ্তন কৰা (পৱিত্ৰ বৈষ্ণৱ ধৰ্মৰ) ভক্তিৰ মূল কৃষ্ণ চৰিত্ৰ ।

এওঁৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মত মাধুৰ্যভক্তি মধুৰ ভাৱৰ স্থান নাই।

৩) ভক্তিকে গুৰজনাই পৰম মংগলদায়ক বিষয় হিচাপে সাৰোগত কৰিছে। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্তনকে অধিক গুৰুত্ব দিয়া দেখা যায়।

৪) তেৰাৰ ভক্তিধৰ্মৰ মূলগ্ৰন্থ হ'ল শ্ৰীমদ্ভাগৱত-গীতা আৰু শ্ৰীমদ্ভাগৱত-পুৰাণ।

৫) চাৰিটা দিশত গুৰুত্ব আৰোপ কৰা দেখা যায়-
      নাম-দেৱ-গুৰু আৰু ভকত।


৬)গুৰুজনা প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ধৰ্মৰ মূল লক্ষ্য হ'ল- পদদলিত আৰু অৱহেলিত জনগণৰ সামাজিক আৰু আধ্যাত্মিক দিশৰ উৎকৰ্ষ সাধন কৰা।


৭) এইজনা মহাপুৰুষে পৱিত্ৰ বৈষ্ণৱ ধৰ্মৰ মাজেৰে সৰ্ব মানৱত সমত্ব আৰোপ কৰি মানৱজাতিৰ কল্যান সাধনৰ পথ সুগম কৰি তুলিছে।

    বৈষ্ণৱ সাহিত্য নৰ্মিতি আদৰ্শ প্ৰধান। ভাৰতবৰ্ষৰ আন আন বৈষ্ণৱ সাহিত্যৰ লগত শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ধৰ্ম আৰু ভক্তি সাহিত্যৰ মাজত মূলতঃ আদৰ্শ জনিত পাৰ্থক্য আছে।  ভাল দৰে ফহিয়াই চালে হয়তো পৃথিৱীৰ ভক্তি সাহিত্য ৰাজিৰ মাজত অসমৰ মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিত ইয়াতে ব্যতিক্ৰমী গুণটোও লুকাই আছে।

খ) শংকৰী যুগৰ অসমীয়া সাহিত্যৰ ধাৰা আৰু প্ৰকাৰ:

     এই যুগৰ সাহিত্য বিশেষকৈ নৱবৈষ্ণৱ ধৰ্ম বা ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হৈছিল। গীত-পদ , গীত-নাট , চৰিত সাহিত্য , অনুবাদমূলক ৰচনা এই সকলোতে আদৰ্শবাদী ধাৰাৰ প্ৰাধান্য পৰিলক্ষিত হয়।উদাহৰণ স্বৰূপে শ্ৰীমদ্ভাগৱত পুৰাণত কৃষ্ণক পৰম উপাস্য দেৱতা স্বৰূপে দেখুৱা হৈছে। সেয়ে নৱবৈষ্ণৱ যুগত বৈষ্ণৱ কবিসকলে ভাগৱত পুৰাণৰ বিষয়বস্তু অনুবাদ কৰিছিল অথবা ইয়াৰ আধাৰত গীত-পদ , নাট-নাটক আদিও ৰচনা কৰিছিল।আনকি ৰামায়ণ-মহাভাৰতৰ অনুবাদ আদিত ভাগৱত-পুৰাণৰ সমল সংযোজন কৰিছিল। প্ৰাকশংকৰী যুগৰ মাধৱ কন্দলি , অনন্ত কন্দলি আদিয়ে এনে কাৰ্য সাধন  (*অনন্ত কন্দলিৰ 'ভকতিক পদে' ভাগৱত-পুৰাণৰ সমল সংযোজিত ৰামায়ণ)কৰিছিল।
এইখিনিতে শংকৰীযুগৰ অসমীয়া সাহিত্যক এনেদৰে ভাগ কৰিব পৰা যায়-
ক) কাব্য 
খ) নাটক 
গ) গীত-বৰগীত-ভটিমা-অঙ্কৰ গীত 
ঘ) অনুবাদ মূলক সাহিত্য 
ঙ) কথা বন্ধে ৰচিত গ্ৰন্থ
চ) চৰিত পুথি আদি।

নৱপ্ৰজন্মৰ মাজত বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱ সাহিত্য সম্পৰ্কে ধাৰণা দিবলৈ এই যুগৰ সাহিত্যৰাজিৰ বিতং আলোচনা আৰু গুৰুজনাৰ জীৱন বৃত্তান্তৰ সম্যক জ্ঞান আৰু ধাৰণাৰ প্ৰয়োজন আছে। শংকৰদেৱৰ সাহিত্য নিৰ্মিতিৰাজি বিষয়বস্তু অনুসৰি তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পৰা যায় :
ক) কাব্য গ্ৰন্থ:
১) হৰিচন্দ্ৰ উপাখ্যান
২) ৰুক্মিণী হৰণ
৩) বলিছলন
৪) অমৃতমন্থন
৫) অজামিল উপাখ্যান আৰু
৬) কুৰুক্ষেত্ৰ

খ)ভক্তি প্ৰকাশক গ্ৰন্থ :
১) ভক্তি প্ৰদীপ
২) ভক্তি ৰত্নাকৰ(সংস্কৃত)
৩) নিমি-নৱ-সিদ্ধ সংবাদ

গ) অনুবাদ মূলক গ্ৰন্থ :
১) ভাগৱতৰ ১ম , ২য় , ৬ষ্ঠ ৮ম , ১০ম , ১১শ , ১২শ স্কন্ধ(৬ষ্ঠৰ-অজামিল উপাখ্যান , ৮মৰ বলিছলন , অমৃত মন্থন ১০মৰ আদ্য)
২)উত্তৰাকাণ্ড ৰামায়ণ।

ঘ)অংকীয়া নাট :
১) পত্নী প্ৰসাদ
২) কালিয় দমন
৩)কেলিগোপাল
৪)  ৰুক্মিণী হৰণ
৫) পাৰিজাত হৰণ
৬) ৰামবিজয়।

ঙ)গীত :

শংকৰদেৱ বিৰচিত গীত সমূহ প্ৰধানকৈ তিনি ধৰণে ভগাব পাৰি–
১) বৰগীত
২) ভটিমা
৩) টোটয় , চপয় (নৰনাৰায়ণৰ ৰাজসভাত টোটক ছন্দত ৰচিত-
উদাহৰণ:
  মধু  দানৱ-দাৰণ-দেৱ-ৱৰম্।ৱৰ-ৱাৰিজ-লোচন-চক্ৰ-ধৰম্।।
চপয়- ছন্দত গুণ বৰ্ণনা কৰা হয়–
উদাহৰণ:
শুন শুন ৰুক্মিণী আই।
কৃষ্ণ গুণ কহন নাযায়।।
মুখ ইন্দু কোটি পৰকাশ।
দশন মোতিম মন্দ হাস।।

চ)  নাম প্ৰসঙ্গ মূলক গ্ৰন্থ :
১)কীৰ্তন ঘোষা-
 (অসমীয়া সমাজৰ উৎকৃষ্ট আৰু সৰ্বপৰিচিত গ্ৰন্থ। বিভিন্ন খণ্ডৰ সমষ্টি।)
২) গুণমালা-
শংকৰদেৱ বিৰচিত আন এখন সাহিত্য কৃতি। ইয়াত ৩৭৭ টা পদ আছে আৰু এই পদসমূহ কুসুমমালা ছন্দত ৰচিত। নৰনাৰায়ণ ৰজাৰ ৰাজসভাত হাতী ভুৰুকাত ভৰাবলৈ অনুৰোধ জনোৱাত আমাৰ গুৰুজনাই সমস্ত ভাগৱত পুৰাণ খনকে মাত্ৰ ৩৭৭ টা পদত ৰচনা কৰি ৰজাৰ হাতত দিবলৈ সক্ষম হৈছিল। 

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল পৱিত্ৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। সংকটময় অসমৰ প্ৰৱল ধুমুহাকালত জন্মলৈ অতুলনীয় সাহিত্যসম্ভাৰেৰে অজ্ঞান-মুৰুখমতি মানৱক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে।  গুৰুজনাই নিজৰ আধ্যাত্মিক মনোভাব আৰু শাস্ত্ৰজ্ঞানৰ পৰিসৰ তথা মৌলিক চিন্তা আৰু প্ৰতিভাৰ বলেৰে আটাইবোৰ গ্ৰন্থকে সুকীয়া আসনত বহুৱাবলৈ সক্ষম হৈছিল। প্ৰত্যেকখন পুথিৰে এক সুকীয়া আসন আছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)