কবিয়ে কবিতাৰ মাজত
নিজস্ব ছবি আঁকে
ঠিক দাপোন চোৱাৰ দৰে ,
কবিৰ কবিতাত দেখিবলৈ পাবা
সিহঁতৰ চকু-মুখৰ প্ৰতিবিম্ব,
চকুৰ প্ৰতিটো পলক
আৰু দেখিবলৈ পাবা
মনত গোট মৰা অব্যক্ত কথাৰ জাল
যি কেতিয়াও কাকো কোৱা হোৱা নাই।
কিছু কবিতাই বাস্তৱৰ ছবি আঁকি
তুলি ধৰে যিদৰে চকুৰ সন্মুখত ,
ঠিক তেনেকুৱাই কিছু কবিতা
অদ্ভূত কাল্পনিক হয়
যি ডায়েৰীত কলম বুলাই
খিৰিকীৰে হাত মেলি মেঘ চুই চায় ,
দূৰ আকাশত উৰি যোৱা পখীৰ দৰে
ডেউকা মেলি উৰে দূৰ দিগন্তলে' ।
বাহিৰত যেতিয়া গ্ৰীষ্মৰ দাৱানল
তেতিয়া তুমি দেখিবলৈ পাবা
প্ৰিয়জনৰ সৈতে আহ্লাদত গলি যোৱা
চাইবেৰিয়াৰ কোনো এক মৰু প্ৰান্তত,
অথবা শীতৰ কোনো এটি ৰাতিপুৱা
বাহিৰত জাক জাক বৰষুণ
দুৱাৰ মুখত থিয় হৈ হেৰাই গৈছে
প্ৰকৃতিৰ কোনো অজান ঠিকনাত,
আন এদিন হাতত ছাতি লৈ
অপেক্ষা কৰি থকা মনৰ মানুহজনৰ সৈতে
হাত ধৰি আগুৱাই গৈছে বহু দূৰ ........
যেতিয়া কবিতাটো শেষ হ'ব
সন্মুখত দেখিবলৈ পাবা
এখন পুৰণি ডায়েৰী অথবা কিতাপ
য'ত জিলিকি আছে কিছু লেখা
যাৰ মাজত তুমি ইমান সময় ডুবি আছিলা.......
ইফালে তোমাৰ মৰমৰ মাকজনী
মাতি মাতি কেতিয়াবাই চুপ হৈ গৈছে !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ