কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

©Admin
0
১/
পদুলি শুঙি শুঙি
দ'লপুঙা এটাই,
উৰুলিপুঙা হৈ
গধূলিবোৰ কটায়।

২/
গিৰিৰ ঘৰৰ
দীঘলীয়া ছিৰি,
তাতে বহি
খাম খিচিৰি।

৩/
টোকনী-কাকত
কোননো পাকত,
খাওঁতে নিগনিৰ
সোমাল নাকত।

৪/
তোৰা পৰিল
তেনেই টোটোৰা,
তাৰেই দুখতে
কান্দিছে টোকোৰা।

৫/
বাঁহৰ বাঁহী
কাঁহৰ কাঁহী,
চাহ এপিয়লা
পিলে চাহী।

৬/
নোমলৰ ভেড়া
নোমাল বৰ,
বান্ধিবলৈ লাগে
ডাঙৰ ঘৰ।

৭/
দীঘল দাড়ি
বৰ দিগদাৰী,
বাটো কেতিয়াবা
নিয়েযে সাৰি।

৮/

উট পোৱালিয়ে
কৰি উৎপাত,
মৰুত খান্দিলে
প্ৰকাণ্ড গাঁত।

৯/
চাহেৰে দিয়া
বুট ভাজি,
কাজী হ'ল
খাবলৈ ৰাজি।

১০/
মামৈ তামোল
ক'তনো পামৈ,
বেগেতে ক'চোন
চেনেহৰ আমৈ। 

১১/

আজুগুবি কথা
কিমান শুনিবি,
মৰুত গছপুলি
কি নো ৰুবি?

১২/
বাঢ়নী পানীত
উটি গৈ বাঢ়নী,
পালেগৈ বাৰীৰ
পাছৰ বাঁহনি। 
 
১৩/
বাজন ওলাল
গোহালিৰ বাজ,
আনিব হেনো
বাঁহৰ গাজ।

১৪/
বাঢ়ৈয়ে কাঠেৰে
সাজি বাঢ়ৈটোকা,
ডিঙিত ওলোমাই
দিলে এটা হোকা।

১৫/
দোপালপিতা বৰষুণত
চোতাললৈ আহি,
তাল বজাই নাচিছে
এজাক বালিমাহী। 

১৬/

কিনকিনিয়া বৰষুণত
খিংখিঙীয়া কুকুৰে,
পিৰালীতে শুই শুই
কেং কেং কৰে। 

১৭/
নদীৰ গৰাত
পিচলি পৰি,
ছলিৰ ভাগিল
এখন ভৰি।

১৮/
ঠগোৱাত টিংখঙৰ
উঠি তামাম খং,
লেং মাৰি ৰহিমলাক,
কাঢ়ি ল'লে লং।

১৯/
চিনেমাৰ সময়ত
পিলে ডাবৰ পানী,
তাকে ডাবিং কৰা
বুলিব কিজানি! 

২০/
কাৰখানাৰ চৌহদত
খাদ্য এটোপোলা দেখি,
কাৰ খানা বুলি ৰ'লোঁ
আঙুলিত ক্ষণ লেখি।
******************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)