স্বদেশ মানে কি ?••চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
স্বদেশ, মাথোঁ এটা  শব্দ নহয়,
স্বদেশ, মাথোঁ এটা  শব্দ নহয়,
দুখ-ভাগৰ, ৰ'দ-বৰষুণৰ
সুৰক্ষাৰ সুখৰ আলয়।
স্বদেশ, মাথোঁ এটা  শব্দ নহয়,
গৃহস্থী-অঘৰী,ধনী-দুখীয়াৰ  একেই পৰিচয় ।
স্বদেশ, মাথোঁ এটা  শব্দ নহয়,
প্ৰৌঢ়-শিশু, সাক্ষৰ-নিৰক্ষৰ সবাৰে অভিমান। 
স্বদেশ, মাথোঁ এটা  শব্দ নহয়,
সবলী-দূৰ্বলী, সৈনিক-জনতাৰ সন্মান। 
স্বদেশ, মাথো এটা  শব্দ নহয়,
জননী জন্মভূমি স্বৰ্গদৰ্পি গৰীয়সী। 
স্বদেশ, মাথো এটা  শব্দ নহয়,
স্বদেশ এৰিলেই পৰিচয় বিদেশৰ বিদেশী।
স্বদেশ, মাথোঁ এটা  শব্দ নহয়,
স্বদেশ হৈছে জনতাৰ আত্মপৰিচয় ।

✍️চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা
নয়ডা উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)