স্বদেশপ্ৰেম-শিল্পী দাস

©Admin
0
ভাৰতীয় সন্তান আমি
ইয়াকলৈ বৰ গৰ্বীত,
ভাৰতৰ হকে যুঁজি যোৱা
আমাৰ সৰ্বপ্ৰথম কৰ্ম।

স্বদেশৰ প্ৰতি প্ৰেম
আমাৰ জীৱনৰ প্ৰধান লক্ষ্য,
স্বদেশ আমাৰ ভাৰতবৰ্ষ
ইয়াৰ উপৰত কাৰো নহয় মহত্ব।

পৃথিৱীৰ বুকুত স্বৰ্ণাক্ষৰে লিখা
শ্ৰেষ্ঠ দেশ ভাৰতবৰ্ষ,
স্বদেশক ভালপোৱা
আমাৰ জীৱনৰ মহান ধৰ্ম।

সেউজীয়া ৰঙৰ সমাবেশ
আমাৰ গৰ্বীত ভাৰতবৰ্ষ,
জীৱনৰ অন্তিম লৈকে আগুৱাই নিয়া
আমাৰ জীৱনৰ সুভাগ্য।

স্বদেশ আমাৰ জন্মভূমি
স্বদেশপ্ৰেমী মোৰ পৰিচয়,
মৰণৰ অন্তিমলৈকে 
জীয়াই থাকিম ভাৰতীয় হৈ।

                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)