নাৰী -জিলমিল বৰঠাকুৰ

©Admin
0
এৰি থৈ অহা শৈশৱৰ স্মৃতিৰ বাকৰিত
তাই আজি নিথৰ 
আলফুলীয়া বুকুখনত
ক'ত যে আচোৰ,
কেঁচা মঙহৰ সোৱাদত
মানুহ পশু হয়------!
দানৱ ৰূপী পুৰুষৰ হাতত
তাই ধৰ্ষিতা!
কাল হ'ল তাইৰ
দেহ ঢাক নোখোৱা
চুটি কাপোৰ জোৰ
লজ্জা নাৰীৰ ভূষন!
বাৰ হাত কাপোৰে
ঢাকিব নোৱাৰে
নাৰীৰ দেহ------!
আজি নাৰীৰ শৰীৰত
বস্ত্ৰৰ অভাৱ,
কোন শিল্পীৰ পৰশত
নাৰীৰ সৌন্দৰ্য্যই
সৃষ্টি কৰে বিশালতা!
আকাশৰ দৰে নাৰীক 
ঢুকি পোৱা কঠিন আছিল
আজি সহজলভ্য!
নাৰীৰ নগ্নতা আজি
বিক্ৰী হয় দেশ- বিদেশত
কোনো শিল্পীয়ে বনাব নোৱাৰিব আৰু মনালিছাৰ হাঁহি!
আজি নাৰীৰ মূল্য
সামান্য!
নগ্নতাৰ বজাৰত বিক্ৰী হয়
যৌনতা!
গোপন কোঠাৰ ভিতৰত
নহয়তো পথাৰত
নহয়তো ৰে'ল বা বাছত
নহয়তো পথৰ দাঁতিত
ৰাঙলী হয় নাৰীৰ সতীত্ব
প্ৰতিযোগিতাৰ আখৰা
প্ৰতি দিনে সৌন্দৰ্য্যৰ নামত কছৰৎ!
 দীৰ্ঘ - প্ৰস্থৰ অস্থি- কুন্জৰ ভাৰখন কচাইৰ
দোকানত ওলমি ৰয়
বাদুলিৰ দৰে।
।।।।।।।।।
✍️জিলমিল বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)