আলোকপাত, হীৰেন ভট্টাচাৰ্যৰ নিৰ্বাচিত কবিতা-মোৰ দেশ মোৰ প্ৰেমৰ কবিতা ••তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
সৃষ্টিশীল সাহিত্যৰ ভিতৰত সকলোতকৈ স্পৰ্শকাতৰ আৰু অন্যতম শক্তিশালী প্ৰকাশেই হ'ল কবিতা। বৰ্তমান অসমীয়া কবিতা নিৰ্দিষ্ট ৰূপত বন্দী হৈ থকা নাই। বৰ্তমানৰ অসমীয়া কবিতাই আধুনিক ৰূপ লৈ ৰোমান্তিক সাজ পিন্ধি বেগী ঘোঁৰাত উঠি সাহিত্যৰ পথাৰত অধিক জনপ্ৰিয়তা লাভ কৰিছে।
             বৰ্তমান কবিতাৰ পথাৰখনত জীৱনৰপৰা লাভ কৰা সমলে জীপাল কৰাতকৈ নিজস্ব ভাৱ-অনুভূতিৰ প্ৰকাশহে অধিক ঘটিছে। সত্তৰ দশকত অসমীয়া সাহিত্যত কবিতাৰ মাধ্যমেৰে মানুহৰ হৃদয় জয় কৰা কবিসকলৰ ভিতৰত অন্যতম কবিজনেই আছিল হীৰেন ভট্টাচাৰ্য। 
           হীৰেন ভট্টাচাৰ্য আছিল এজন সামাজিক দায়বদ্ধ কবি। স্বাধীনতা, প্ৰেম আৰু শান্তিৰ বাবেই তেখেতৰ কবিতা উৎসৰ্গিত। তেখেতৰ কবিতাৰ মূল উপলক্ষ হ'ল নিঃস্ব জনতাৰ জয়গান গোৱা। তেখেতে ইয়াকে কৰিবলৈ যাওঁতে চিত্ৰশিল্প, প্ৰতীক, অৰ্থ ঘনত্বৰে কবিতাসমূহ বাখৰুৱা কৰি তুলিছে। 
              এই আলোচনাটোত কাব্যৰত্ন হীৰেন ভট্টাচাৰ্য দেৱৰ "মোৰ দেশ মোৰ প্ৰেমৰ কবিতা" গ্ৰন্থখনিত আলোকপাত কৰিব বিচৰা হৈছে। 
          এই সংকলনখনিত প্ৰকাশিত কবিতাসমূহ কবিয়ে ১৯৬০-৭০ চনৰ ভিতৰত লেখা। বিভিন্ন আলোচনী, বাতৰি কাকত আদিৰ পাতত প্ৰকাশিত নিৰ্বাচিত কবিতাসমূহ একত্ৰিত কৰি ১৯৭০ চনত এই কবিতা পুথিখন প্ৰকাশ কৰিছিল। পুথিখনত সবৰ্মুঠ ৭০টা কবিতা প্ৰকাশ হৈছে। ইয়াত থকা কবিতাসমূহৰ ভিতৰত আটাইতকৈ দীঘল কবিতাটো হ'ল- "মোৰ দেশ" নামৰ কবিতাটো। এই কবিতা পুথিখনৰ কবিতাসমূহে শব্দৰ বৰ্ণাঢ্যতাতকৈ গীতিময়তাৰ ভাৱটোৰ বাবে পাঠকৰ অধিক প্ৰাণটানি ধৰে।  
          পুথিখনৰ আগকথা লিখিছে হীৰেন গোহাঁই চাৰে। তেখেতে লিখিছে - "হীৰেন ভট্টাচাৰ্য যৌৱনৰ কবি। যৌৱন কেৱল এটা কাল নহয়, এটা ঋতু নহয়, জীৱনৰ আপোন বিভোল পৰিপূৰ্ণতা। সেয়ে হীৰেন ভট্টাচাৰ্য ফাগুনৰ বতাহ আৰু ব'হাগৰ কপৌফুলৰ কবি, লেখ জোখ নোহোৱা সপোন আৰু অচিন আকাংক্ষাৰ, বিদ্ৰোহ আৰু উন্মাদনাৰ, প্ৰেম আৰু প্ৰেমৰ ব্যৰ্থতাৰ কবি। টানকৈ বন্ধা তাঁৰৰ দৰে সচেতন এটা মন আৰু বহু গভীৰলৈ জোকাৰ খাবপৰা এখন হৃদয়ৰ তেওঁ অধিকাৰী, তেওঁৰ প্ৰেমৰ পাত্ৰীৰ প্ৰতি, তেওঁৰ দেশৰ প্ৰতি তেওঁৰ ভালপোৱা আকুন্ঠ আৰু সতেজ - তাৰ অসীম আত্মা নিবেদন আৰু নম্ৰতাত পাঠক মুগ্ধ হয় আৰু তাৰ আশাভংগৰ বাতৰিত পাঠক নিজেই অভিভূত হৈ পৰে। তথাপি অক্ষয় যৌৱনৰ ভঁৰাল। সকলো মাদকতা আৰু বেদনাৰ ৰং আৰু মেঘৰ ওপৰত বিস্তৃত হৈ আছে এখন অনন্ত নীলাকাশ।'
         কবিতা পুথিখনৰ প্ৰথম কবিতাটো 'অভিজ্ঞান' । কবিতাটোৰ মাজত দৰ্শন তত্ত্ব আৰু জীৱনসত্তাৰ শক্তিশালী ৰূপ প্ৰকাশ হৈছে। "এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ-সূৰ্যৰ উত্তাপ/ আৰু শুকান ডালে ডালে বৈ অহা/ দুঃসাহসিক পাতৰ প্ৰত্যয়-দীপ্ত সেউজীয়া তৰংগ।"
দ্বিতীয়টো কবিতা 'যন্ত্ৰনা' । এই কবিতাটো লিখিছিল বিংশ শতাব্দীৰ জনপ্ৰিয় তুৰ্কী ভাষাৰ কবি নাজিম হিকমতৰ সোঁৱৰণত। কবিৰ 'শৰ-সন্ধান' নামৰ কবিতাটো স্বাধীনতা আৰু শান্তিৰ নামত উৎসৰ্গিত। এই কবিতাটোত উষ্ণ ভৱন প্ৰৱণতা প্ৰকাশ হৈছে। কবিৰ মনত উদয় হোৱা মৃত অতীতৰ চিতা ভষ্মই কবিৰ মনৰ জুইকুৰা নুমুৱাই দিব পৰা নাই। সেইবাবে তেওঁৰ সপোনত প্ৰমত্ত হৈ দেখা দিছে তেওঁৰ যৌৱনৰ বিদ্ৰোহী ঘোঁৰা। যি হিলদল ভাঙি এতিয়া আফ্ৰিকা নে তেলেংগানাত দৌৰিছে। 
"মই কেতিয়াবা
এতিয়াও সপোনত সাৰপাই উঠোঃ
আফ্ৰিকা নে তেলেংগানাত ক'ৰবাত
সেই ঘোঁৰা যেন হিলদল ভাঙি লৰিছে
আৰু তোমাৰ চাবুকত চমকি উঠিছে
নিৰ্জন ৰাতিৰ ক্লিৱতা।"
              জ্যোতি প্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত লিখিছিল - "জ্যোতি, সেই জ্যোতি" অনন্য প্ৰতিভাৰ শিল্পীজনক কবিয়ে চিনি পাইছিল। তেওঁৰ সতে কবিয়ে গাবলৈ হাবিয়াস কৰিছিল ধুমুহাৰ গান আৰু বজ্ৰৰ গান। কবিতাটিত গভীৰ শ্ৰদ্ধা আৰু আশাবাদ প্ৰকাশ পাইছে। কবিয়ে লিখিছে - 
       "ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
         সংকীৰ্ণ জীৱনলৈ আহকঃ
         সাহসৰ দোকোল -টকাঁ বান।"
নাগৰিক কবিতাৰ মাজেৰে নগৰীয়া যান্ত্ৰিক জীৱনৰ মাধ্যমে কবিয়ে কল্পনা কৰিছে এই নগৰে এদিন আকাশলৈ মূৰ তুলি চাব। তেতিয়া উপলব্ধি কৰিব -"আকাশ ইমান বহল, দ-কৈ উশাহলৈ ক'বঃ বতাহ ইমান কোমল। তেখেতৰ কবিতা পাঠত কোনো কষ্টসাধ্য যত্নৰ প্ৰয়োজন নহয়। অথচ তেখেতৰ কবিতাৰ প্ৰতিটো শব্দই কঢ়িয়াই আনে ঘন অৰ্থ। কবিৰ 'চৌদিশে মোৰ দেশ' কবিতাটোত প্ৰকাশ পাইছে স্বদেশ প্ৰেম আৰু মানুহৰ প্ৰতি গভীৰ ভালপোৱা। সেইবাবেই কবিয়ে ঘোষণা কৰিছে - 
              'সিহঁতৰ প্ৰাণ-প্ৰাচুৰ্যৰে
               মই গঢ়োঃ
               মোৰ জীৱন-দেৱতাৰ বেদীৰ
               আলোক উজ্জ্বল সূৰ্য।'
                   নিজৰ দেশক ভালপোৱা স্বদেশ প্ৰেমৰ চানেকি 'মোৰ দেশ' কবিতাটোত তৰাফুল হৈ জিলিকি আছে। প্ৰেমৰ শ্ৰেষ্ঠতা আৰু উৎকৰ্ষ প্ৰতিপন্ন কৰা প্ৰতি ফাকি কবিতাতে কবিয়ে পোনপটীয়াকৈ নিজৰ দেশক শ্ৰেষ্ঠ বুলি কোৱা নাই যদিও আওপকীয়াকৈ প্ৰশংসা কৰিছে। কবিৰ জীৱন যাযাবৰী জীৱন। 'দেশে দেশে দেশ আছে' ইয়াৰ মাধ্যমেৰে কবিয়ে পৃথিৱীৰ চৌদিশে অৰঙে-দৰঙে ঘূৰি তেওঁ দেশ সমূহৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে। নিজ দেশৰপৰা আৰম্ভ কৰা এই যাত্ৰা পথত কবিৰ বহু বন্ধু সহচৰ হৈছে। কবিয়ে নিজৰ দেশক সেউজ সোণোৱালী কৰিবৰ কাৰণে জীৱনৰ প্ৰতিটো পল নিজৰ দেশৰ মংগলৰ বাবে নিয়োজিত কৰিছে। কবিয়ে এই দেশৰ বুকুতেই পাইছে ভালপোৱাৰ আনন্দ। 'এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।' কবিতাটোৰ প্ৰতিটো শাৰীত আছে স্বদেশ প্ৰেমৰ অপৰূপ বৰ্ণময় প্ৰকাশ। সমগ্ৰ জাতিক ভালপোৱাৰে উদ্বেলিত কৰি তোলা এটি প্ৰাণময় কবিতা। 
        জৱাহৰলাল নেহৰুৰ মৃত্যুত লিখা 'শেষ বিদায়', বিষ্ণুৰাভাৰ অসুখৰ সময়ত লিখা 'প্ৰতিক্ষা' হেনা গঙ্গোপাধ্যায়ৰ মৃত্যুত 'চিকাৰী' বিষ্ণু ৰাভাৰ বিয়োগত 'মোৰ আই দুচকু, 'শংকৰ দে পুৰকায়স্থৰ স্মৃতিত 'প্ৰতিবাদ' আদি কবিতাত শব্দ, ৰূপ, বৰ্ণ, গন্ধ আদি অনুভূতিৰ প্ৰখৰতাই কবিতাসমূহক আন এটি উল্লেখনীয় বৈশিষ্ট্য প্ৰদান কৰিছে। যিটো আজিৰ কবিতাত দুৰ্লভ। 
    'সূৰ্যহাৰা মোৰ দেশে তোমাক পাইছিল
     তুমি নাই
     সিন্ধু-গংগা, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে
     পলসুৱা পথাৰত আমি সিঁচি দিলো
      তেজ ৰঙা সেইপাহ গোলাপৰ চাই।'
                 (শেষ বিদায়)
         'সাতোটা গুলিৰে
          এটা চৰাইৰ হৰিলে
          সুৱদী মাত।' (চিকাৰী)
        'হৃদয়ৰ গভীৰত শুনো
         এটি কৰুণ সুৰ
          দিঠকত দেখোঃ মোৰ আইৰ দুচকু
           চকুলোৰে ভৰপূৰ।' (মোৰ আইৰ দুচকু)
আলেঙে আলেঙে ফুৰি ফুৰা ল'ৰাটো
মাকৰ ইমান ওচৰত
আজি বহুদিনৰ মূৰত শুইছে।' (প্ৰতিবাদ)
কবিয়ে কবিতাকেইটাত যি দেশপ্ৰেম প্ৰকাশ কৰিছে ই উষ্ণ ভাব প্ৰৱণতাৰপৰা মুকলি কিন্তু দৰদ আৰু ভক্তিৰ প্ৰাণস্পৰ্শী। তেওঁৰ হৃদয়ত হেন্দোলিত হোৱা শব্দৰে দেশৰ যি দুখলগা ৰূপ বৰ্ণনা কৰিছে গা শিয়ৰি যোৱা।
      'মোৰ দেশৰ ক্লিষ্ট দেহত
      পতাকাখন জৰীগছেৰে
       তেজৰ টোপাল
        নিগৰি আহিছে।' (পতাকা)
'মোৰ ক্ষত অংগৰ সৰ্বত্ৰত
জ্বলি আছে তেজৰ পতাকা।' (বিহ-যন্ত্ৰণা)
'মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা।
কেতিয়াবা ভাৱো খুন কৰো, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত। মোৰ
তেজৰ শিখাত বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা।' (প্ৰস্তাৱনা)
'আই, আজি মই সঁচাকৈয়ে 
বৰ হিংস্ৰ হৈ উঠিছো।
মোৰ নিয়াৰিৰ
কাচিখনলৈ এবাৰ চালেই
বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছো।' (আত্মপক্ষ)
'মোৰ আইৰ অসুখ
তেজৰ ধাৰত, হাড়ৰ আঁহত বিহ।
হাতেৰে মোহাৰি কাংক্ষিত সুখ
সোণৰ হৃদয় সলাই ল'লে সীহ।'
(আইৰ অসুখ)
'কলিজা কামুৰি ধৰে
আত্মীয়তাৰ কঠিন শোকে।' (মোৰ দেশ আৰু আনুষংগিক)
            দেশৰ বিভিন্ন অভিব্যক্তিৰ প্ৰকাশ ঘটা কবিতাসমূহত আছে দেশৰ মানুহৰ প্ৰতি ভালপোৱা, নিপীড়িত মানুহৰ সৈতে সহমৰ্মিতা।
    কবিতাৰ শব্দ আছিল বৰ স্পৰ্শকাতৰ। শব্দসজ্জা, ছন্দ আৰু লয়ৰ বাবেই তেওঁৰ কবিতাৰ প্ৰতি পাঠক বৰ আকৰ্ষিত। প্ৰতিটো শব্দ গুচ্ছৰে আক্ষৰিক অৰ্থ বাহিৰৰ অৰ্থ, ব্যঞ্জনা বা তাৎপৰ্য আছে। সৰহ সংখ্যক কবিতা চুটি হ'লেও পাঠকে ভাবিবলৈ বাধ্য হয় ইয়াৰ সু-দূৰ প্ৰসাৰি থকা ভাৱব্যঞ্জনা আৰু হৃদয়ৰ অনুৰণন।
          কবিতা পুথিখনৰ কেইবাটাও কবিতা ইতিমধ্যে গীত হিচাপে গোৱা হৈছে। গীতকেইটাৰ শব্দ চয়ন আৰু ভাৱটোৱে শ্ৰোতাৰ প্ৰাণ টানি ধৰে। গীতবোৰ আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত, পৰিৱেশিত হৈ আছে।
        'মোৰ বুকুত,
        এজোপা গোলাপ
        কোনে ৰুলে?' (এজোপা গোলাপ)
                এই গৰাকী শব্দৰ খনিকৰৰ 'মোৰ দেশ'মোৰ প্ৰেমৰ কবিতা' এখন তেখেতৰ নিৰ্বাচিত কবিতা পুথি। হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ নিভাঁজ অসমীয়া শব্দমালাই মানুহৰ অন্তৰলৈ কবিতাক লৈ যোৱাৰ সহায় কৰিছে।

✍️তিলোত্তমা মহন্ত গোস্বামী 
                 **********

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)