জীৱন ইমানো সহজ নহয় ••তৃষ্ণা দত্ত

Sibani Baruah
0
যি জনী ছোৱালীয়ে প্ৰখৰ ৰ'দ, ধাৰাষাৰ বৰষুণক ভয় নকৰে
 আৰু তুমি ভাবিছা আন্ধাৰ দেখিলে ভয় কৰিব।
যি জনী ছোৱালী বাৰে বাৰে প্ৰতাৰিত হয়
তুমি ভাবিছা নিষ্ঠুৰতাই সেই হৃদয়ত স্থান পাব।
যি জনী ছোৱালীৰ মাজনিশালৈকে টোপনি নাহিব
আৰু তুমি ভাবিছা সেইজনী ছোৱালীয়ে বিয়াৰ কথা ভাবিব।
সহজ নহয় সময়, সহজ নহয় জীৱন
উজাগৰে থাকিবা , বহু কথাই ক'ব।
ভয় তেওঁলোকেহে কৰে যাৰ কোনো স্থিতি নাই
মইটো মৃত্যুকো সহজ বুলিয়েই ভাবোঁ।
ঠিক তোমাৰ দৰে আৰু তুমি মোৰ দৰে
আমি যে ভালদৰেই মিলোঁ।
এক সস্তীয়া প্ৰসাধন সানি মইও তোমাৰ দৰেই
চহৰৰ অলিয়ে গলিয়ে ঘূৰোঁ।
বহু প্ৰশ্নৰ মুখা মুখি বাৰ্তালাপৰ অন্ততঃ
ভাগৰি আহি যেন দ খাৱৈতহে পৰোঁ ।
ৰাজমিস্ত্ৰী জনৰ পৰা আৰামী চকীৰ মালিকজনো 
আন্ধাৰ হলেই অৱসৰ লব খোজে।
জীৱন ৰুষ্ট কৰি তেতিয়াও মই পহৰা দিওঁ
বিশিষ্ট অতিথিৰ আলয় সেই দুখ কোনেও নুবুজে।।


✍️তৃষ্ণা দত্ত, যোৰহাট - (লাহদৈগড়)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)