উদ্দেশ্য••সংযুক্তা দত্ত

Sibani Baruah
0
সকলোৰে জীৱনত কিছুমান উদ্দেশ্য থাকে। উদ্দেশ্য বিহীন মানে হ'ল - লক্ষ্যবিহীন জীৱন । আমি জন্মতে উদ্দেশ্য লৈ নাহোঁ।  জীৱনৰ মাজৰ সময় ছোৱাত হে  মানুহৰ উদ্দেশ্যবোৰে ঠন ধৰি উঠে । সময়ৰ লগে লগে উদ্দেশ্য ভিন ভিন হয়। তাথাপিও আমাৰ এটা স্থিৰ উদ্দেশ্য থকা দৰকাৰ ।  কিছুমানে কয় নিজৰ উদ্দেশ্যৰ কথা আৰু কিছুমানে নকয়।  সকলোৱে নিশ্চয় এটা প্ৰশ্নৰ মুখামুখি হৈছে -- তোমাৰ জীৱনৰ লক্ষ্য বা উদ্দেশ্য কি ?  তেতিয়া হয়তো আমি আমাৰ লক্ষ্যৰ কথা প্ৰকাশ কৰোঁ ।আৰু বহুতে সেই বিষয়ে একো নকয়। নকয় মানে যে -- সেই সকলৰ উদ্দেশ্য নাই সেইটো নুবুজায়। বহুতে নিজৰ লক্ষ্যৰ কথা আনৰ আগত প্ৰকাশ কৰিব নিবিছাৰে। সেইটো এটা ভাল গুণ । আচলতে , সচাঁ কথা ক'বলৈ গ'লে -- মানুহে নিজৰ লক্ষ্যৰ কথা  আনৰ আগত কেতিয়াও প্ৰকাশ কৰিব নালাগে।  ইয়াৰো কিছুমান বিশেষ কাৰণ আছে --- 

            ১)  যেতিয়া উদ্দেশ্যৰ কথা ক'ব -- তেতিয়া হয়তো আপোনাক বহুত কম মানুহে উৎসাহ দিব ।আৰু বেছিভাগে ক'ব - এই কামটো তুমি কৰিব পাৰিবা জানো ?  মইতো এই কামত হাত দিছিলোঁ। কিন্তু মই দেখোন বিফল হ'লো । 
     এবাৰতে কোনো সফল হ'ব নোৱাৰে । এটা কথা সচাঁ যে -  আমাক কিতাপত বা টি.ভি.ৰ নিউজ চেনেলত সদায় সফলতাটো দেখুৱাই । যেন - ৫ মিনিটতে সফল হৈছে। কিন্তু তাৰ আঁৰত থকা বিফলতাবোৰ , কষ্টবোৰ, ধৈৰ্য্য, অপেক্ষা বোৰ কেতিয়াও নেদেখুৱাই। 

  ২)  যেতিয়া আপুনি নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব তেতিয়া হয়তো  আপোনাৰো অলপ বেয়া লাগিব । 

৩)  আপুনি ভৱা উদ্দেশ্যটো যদি বেলেগ এজনেও ভাৱি থৈছে  । কি , ঠিক একো নজনাৰ ভাওঁ ধৰি আপোনাৰ পৰা কথাবোৰ জানি, আপোনাতকৈও যদি আগত সফল হয় ।
              আপোনাৰ জীৱন গতিকে আপোনাৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যৰ বিষয়ে আমাৰ জনাৰ অধিকাৰ নাথাকে । এদিন সফল হ'বই হয়তো অলপ দেৰি হ'ব । কিন্তু আপোনাৰ উদ্দেশ্য এদিন সকলোৱে গম পাব । 


                ✍🏻   সংযুক্তা দত্ত। 
                              মিছামৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)