ৰতন এজন টিউটৰ ••এছ ইছলাম

Sibani Baruah
0
ৰতন এজন টিউটৰ
সন্মান আছে তাৰ
মামাই দিছে চৰকাৰী চাকৰি
কৰ্মত নাই বিৰতি। 

ৰমলাই ল'ব দামী শাৰী
শিক্ষকৰ ঘৈণী
ল'ৰাই খোজে দামী ড্ৰেছ
শিক্ষকৰ পুতেক সি। 

ছোৱালীয়ে ল'ব মেখেলা-চাদৰ
শিক্ষকৰ জীয়েক তাই
লাজ পায় শ্ৰেণীত সোমালে
সমনীয়াই কয় কি? 

ৰতনে যায় বজাৰ কৰিবলৈ 
সতীৰ্থই লয় ৰৌ-বৰালি
ৰতনে লয় দৰিকনা-পুঠি
ৰতন এজন টিউটৰ। 

সমাজ হাৰে চাদা খুজিলে
লাজত  মৰি যায়
তুঁহ-জুইৰ দৰে জ্বলিপুৰি
অন্তৰ ছাই হয়
ৰতন এজন টিউটৰ।

          ✍️এছ ইছলাম, শিক্ষক 
          মইনবৰী, বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)