স্বদেশ••শিল্পী দাস

Rinku Rajowar
0
স্বদেশ আমাৰ ভাৰতবৰ্ষ
নানা জনজাতিৰ সমাৱেশ,
১৯৪৭ চনৰ ১৫ আগষ্ট
স্বাধীন হৈছিল দেশ। 

স্বদেশ আমাৰ জন্মভূমি
মেলিছোঁ চকু আমি,
ভাৰত হ'ল প্ৰাণৰো প্ৰাণ
জীৱনতকৈও দহগুণ বেছি দামী।

সেউজীয়া প্ৰকৃতিৰে সৌন্দৰ্য্য ভৰা
পৃথিৱীৰ সকলোতকৈ মোৰ দেশ সেৰা,
ঐতিহ্য কীৰ্তিচিহ্নৰে ভৰপূৰ ভাৰতখন
সোণালী ধাননি পথাৰেৰে ভৰা।

স্বদেশ আমাৰ মাতৃভূমি
দেশৰ হকে যাম যুঁজি,
জীৱনৰ শেষ প্ৰাণলৈকে
শত শ্ৰদ্ধাৰে যাম পুঁজি।

                              
✍️ শিল্পী দাস
 ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)