সেউজীয়াৰ প্ৰেমিকা মই••শিল্পী দাস

@admin
0
জন্মলাভৰ পৰা আজিলৈকে
সেউজীয়াৰ প্ৰেমিকা মই,
থাকিম এনেদৰেই গোটেই জীৱন
সেউজীয়াৰ প্ৰেমিকা হৈ।
সেউজীয়া মোৰ অতি প্ৰিয়
প্ৰাণৰো প্ৰাণৰ আপোন,
দুচকু মেলি মাকৰ পিছত
তোমাৰ ৰূপেই মোৰ প্ৰথম দৰ্শন।
তাতেই মই প্ৰেমত পৰিলোঁ
চিৰকালৰ হৈ থাকিবলৈ,
আজি দুচকুৰ আগৰ পৰা 
এটা প'লৰ বাবেও নিবিচাৰোঁ হেৰুৱাবলৈ।
সেউজীয়া তুমি মোৰ হৃদয়ৰ পৰ্দা
তোমাৰ ৰূপ,গুণেৰে আকৰ্ষিত কৰিলা,
চাৰিওফালে তুমি বিৰাজকতা
বিশ্ববাসীক কিনো ৰূপ দেখুওৱালা?
সেউজীয়াৰ প্ৰেমিকা মই
চিৰযুগৰ চিৰস্থায়ী হৈ,
দুচকুৰ আগত তোমাকেই ৰাখি
পাৰ কৰিম জীৱন নৈ।
সেউজীয়াৰ প্ৰেমিকা মই.....।।

                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)