সমাজ সংগঠক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ-তিলোত্তমা মহন্ত গোস্বামী

Rinku Rajowar
0
অসম তথা উত্তৰ-পূব ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ বুলি আমি যিজনক জানিব পাৰিছো, সেইজন শ্ৰীমন্ত শঙ্কৰদেৱৰ বহুদৈহিক মেধা-প্ৰকাশক ব্যক্তিত্বৰ অন্যতম প্ৰধান দিশত আছে  'সমাজ সংগঠন'। ডিম্বেশ্বৰ নেওগে 'যুগনায়ক শংকৰদেৱ' গ্ৰন্থত লিখিছে  -  "সমাজ বোলোতে সম্য, সৌম্য, সমতা, সভ্যতা, সংস্কৃতি, সংহতি, প্ৰগতি সকলো ভাৱ তাত সোমাই থকা যেন লাগে। শংকৰদেৱৰ পূৰ্বে এই দেশত এনে ঘাই গুণবোৰ থকা এখন প্ৰগতিশীল আৰু শান্তিপূৰ্ণ সমাজ থকাৰ আমি প্ৰমাণ নাপাওঁহক  ….."  সমাজ সংগঠন তথা সমাজ সংস্কাৰ আছিল শংকৰদেৱে দি যোৱা ধৰ্ম শিক্ষাৰ আনুষংগিক ক্ৰিয়া। নাম, দেৱ, গুৰু, ভকত - এই চাৰিবস্তুত আশ্ৰিত তেওঁৰ একশৰণ বৈষ্ণৱ ধৰ্ম আছিল সমাজ পাতি বাস কৰা ভকত বৈষ্ণৱসকলৰ বাবেই। সেই ভকতসকল সংসাৰত নোসোমোৱা উদাসীনেই হওক বা সংসাৰীয়েই হওক, সেইটো অন্য কথা, গুৰুত্ব দিয়া হৈছিল এই কথাতহে যে তেওঁলোক সকলো আছিল নামঘৰকেন্দ্ৰিক বা সত্ৰকেন্দ্ৰিক একোখন সমাজৰ সদস্য। যি সমাজত মানানুসাৰে বিভিন্ন স্থানত থকা জ্যেষ্ঠসকলক কনিষ্ঠসকলে মানি চলে আৰু জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ সৰ্বতোপ্ৰকাৰৰ মঙ্গলৰ হকে শিক্ষা-দিক্ষা দি প্ৰতিপালনৰ দায়িত্ব পালন কৰে।
    ভকতৰ সঙ্গ বা সাধুসঙ্গ এই সমাজত মানৱ জীৱনৰ পুৰুষাৰ্থ সাধনৰ এক অপৰিহাৰ্য্য অংগ বুলি বিবেচিত। অনবৰতে ভাগৱতৰ সান্নিধ্য পাই থকা বা অহৰহ ঈশ্বৰৰ সেৱাত ব্ৰতী থকা বৈকুণ্ঠবাসীসকল হৈছে শংকৰদেৱৰ সমাজখনৰ আদৰ্শ। সেই আদৰ্শৰ সমাজখন বাস্তৱত ৰূপায়িত কৰিবলৈকে যেন তেওঁ দি যোৱা অতুলনীয় উপাদানবিলাকে ক্ৰিয়া কৰি আছে। শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ ধৰ্ম বুলি শিকাওতেও তেওঁ তাকেই কৰিছে,-  'হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ ' বুলি কওঁতেই এই কথা স্পষ্ট হৈ পৰে যে নিঃসংগভাৱে, অকলে কৰা প্ৰাৰ্থনাতকৈ লগে সঙ্গে কৰা শ্ৰৱণ-কীৰ্তন বেছি ফলপ্ৰসূ। পাঠকীজনে পাঠ কৰাটো যেনে গুৰুত্বপূৰ্ণ, শ্ৰৱণীজনে শ্ৰৱণ কৰাটোও তেনে গুৰুত্বপূৰ্ণ। বিশেষকৈ গুৰুজনাৰ কীৰ্তিস্তম্ভ 'কীৰ্তন' পুথি ৰচিত হৈছিল কীৰ্তন কৰিবৰ বাবেই আৰু কীৰ্তন মানে আছিল সমূহীয়া কীৰ্তন। সমূহীয়া মানেই ইয়াৰ লগত জড়িত হৈ আছে সমাজ। উদাহৰণ স্বৰূপে আমি চাব পাৰো - 
     'এতেকে বুলিয়া নমি জাম্বৱন্ত,
       আছে কৃতাঞ্জলি কৰি।
       শুনা সৰ্বজন নেৰিবা কীৰ্তন
       ডাকি বোলা হৰি হৰি।' (স্যমন্তক হৰণ)
          নমস্কাৰ কৰি থকা জাম্বৱন্তৰ কি হ'ল কাহিনীটো শেষ কৰিবলৈ সেই কীৰ্তনত আৰু আগবাঢ়ি যোৱা হ'লে অধ্যয়নত তৃপ্তি পোৱা গ'লহেতেন; কিন্তু কীৰ্তনৰ সুবিধাৰ বাবেই জাম্বৱন্তক আঁঠু লৈ থকা অৱস্থাতে এৰি কীৰ্তন সামৰিলে।
    সমাজ সংগঠনৰ প্ৰধান ভেঁটি নামঘৰত এইদৰে কীৰ্তনৰ দ্বাৰাই একো একোখন সমাজে স্থিতি লাভ কৰিছিল আৰু সেই সমাজখনৰ সদস্যসকলক একেডাল এনাজৰীয়ে বন্ধাত বিশেষ ভূমিকা লৈছিল  গুৰুজনাৰ অপূৰ্ব অৱদান 'ভাওনা'ই। জনশিক্ষাৰ উদ্দেশ্য সাধনত শংকৰদেৱ অতিকে সৰল শিক্ষক। বিশ্বকৌষিক জ্ঞানৰ শংকৰদেৱৰ আধুনিক মনোবিজ্ঞানে শিকোৱা কথাবোৰো যে সকলো শ্ৰেণীৰ মানুহৰ অৱগত আছিল ভাবিলে আচৰিত নহৈ নোৱাৰি। সকলো শ্ৰেণীৰ মানুহক কি কৌশলেৰে একেলগ কৰিব পাৰি সেই চিন্তাৰ উৎপত্তি আছিল ভাওনা। সেইসময়ৰ পৰিবেশৰ কথা আজিৰ বিজ্ঞানৰ গৌৰৱত প্ৰভাৱশালী হৈ থকা মানুহে ধাৰণা কৰিবলৈকে টান হ'ব। দূৰদৰ্শন, চিনেমা আদিয়ে দিয়া আনন্দৰ কথা বাদেই, মটৰ গাড়ী, বিজুলী বাতি আদিও নাছিল। তেনে এক নিষ্প্ৰভ, নিৰস, অন্ধকাৰ যুগত শংকৰদেৱে ভাওনাৰ পাতনিৰে যেন সৰগৰ আনন্দ মৰ্ত্যভূমিলৈ নমাই আনিলে। অজ্ঞান আন্ধাৰত শুই থকা জাতিটোক জগাই দিলে। শংকৰদেৱে লগতে ইয়াকো জানিবলৈ দিলে 'নৰতনু'ৰ মহত্ব যে ব্ৰহ্মানন্দৰ অংশীদাৰ হোৱাৰ সামৰ্থ্য মানুহৰ আছে। হৃদয় আকাশত লুকাই থকা সেই ব্ৰহ্মানন্দ আৰু পাৰ্থিৱ সুখৰ মাজত পাৰ্থক্য আছে। শংকৰদেৱৰ ভাওনাৰ উদ্দেশ্য আছিল ক্ষন্তেকৰ বাবে হ'লেও পাৰ্থিৱ 'ক্ষুদ্ৰসুখ' বিলাকৰ সিপাৰে থকা অপাৰ্থিৱ আনন্দৰ সন্ধান দিয়া।
    অসমত শংকৰদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বে অসমীয়া সমাজত কোনো স্থায়ী ধৰ্ম ধাৰাৰ ঐক্যমতৰ প্ৰচলন হোৱা নাছিল। অনৈক্যৰ মাজতেই বিভিন্ন গোষ্ঠীসমূহে নিজ নিজ ভক্তি মাৰ্গ অথবা উপাসনাৰ পন্থা নিৰ্ণয় কৰি লৈছিল। মুঠতে সেই সমাজত ধৰ্মীয় শৃংখলাৰ অৱকাশ নাছিল। এনে অৱস্থাৰ অন্ত পেলাই শংকৰদেৱে জীৱই মুক্তি লাভ কৰিব পৰা পথ সুগম কৰিলে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে, সাক্ষৰ-নিৰক্ষৰ, পুৰুষ- মহিলা সকলোকে ভাগৱত ভক্তিৰে আপ্লুত কৰিলে। এগৰাকী যুগপুৰুষ, সৰ্বশ্ৰেষ্ঠ পুৰুষ হিচাপে শংকৰদেৱৰ সামাজিক দায়িত্ব আৰু সংস্কাৰৰ গভীৰ চেতনাবোধ হয়তো আজিও দেশৰ মানুহে অনুভৱ কৰা নাই। ভাৰতীয় মানুহৰ জীৱন দৰ্শন আৰু সামাজিক মূল্যবোধ শংকৰদেৱৰ জীৱন অধ্যয়ন কৰিলে অনুভৱ কৰিব পাৰি। ভাষা, সাহিত্য, সংগীত, অভিনয়, চিত্ৰ, মূৰ্তি - এই কলাসমূহকো ধৰ্মৰ সাধন কৰি লোৱা মহাপুৰুষীয়া ধৰ্মই জীৱনটোকে সৌন্দৰ্য সাধনাত জড়িত কৰি পেলাইছিল। শংকৰদেৱৰ সৃষ্টিসমূহে সকলো ভাৰতীয়কে একাকীত্বৰপৰা মুক্ত কৰি সংস্কাৰ আৰু শিক্ষাৰ যোগেদি এখন নতুন সমাজ গঢ়ি তোলাৰ পথ দেখুৱাইছিল। 
         অসমৰ সমাজ-সংস্কৃতিৰ ভেটি নিৰ্মাতা বুলি ক'ব পৰা ব্যক্তি আছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ। শংকৰদেৱৰ প্ৰতিভা, সৃষ্টি আৰু প্ৰভাৱক অস্বীকাৰ কৰিলে জাতীয় জীৱনৰ ঐতিহ্যই অসম্পূৰ্ণ হ'ব। শংকৰদেৱৰ প্ৰতিভা আৰু সংস্কৃতিয়েই হ'ল অসমৰ সভ্যতা আৰু সংস্কৃতিৰ মূল শিপা। এইজনা মহাপুৰুষে উত্তৰ পূৱ ভাৰতত যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল, ই মূলতঃ ধৰ্মীয় উদ্দেশ্য প্ৰমোদিত হ'লেও সাংস্কৃতিক দৰ্শনৰ উপস্থিতি সক্ৰিয় আৰু অবিচ্ছিন্ন। প্ৰতিটো কথা আৰু কৰ্মত সংস্কৃতি ভাবনা আৰু চেতনাৰ সম্পৰ্ক এৰাব নোৱাৰা। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে সৃষ্টি কৰা গীত, বাদ্য, নৃত্য, সুৰ, মঞ্চৰাগ, সাহিত্য, ভাওনা, স্থাপত্য ভাস্কৰ্য আদিয়ে তেওঁৰ সাংস্কৃতিক দৰ্শনটোৰ সুস্পষ্ট ধাৰণা দিয়ে। সাংস্কৃতিক উপাদানসমূহৰ জৰিয়তে শংকৰদেৱে বৃহৎ অসমীয়া জাতি সত্তাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল আৰু সেই প্ৰাণত নিহিত হৈছিল পৰম বান্ধৱ জগতৰ পতি শ্ৰীকৃষ্ণ চেতনা। শ্ৰীকৃষ্ণ দৰ্শনতেই একশৰণ বৈষ্ণৱ ধৰ্মৰ মূল ভেটি হিচাপে গণ্য কৰি শংকৰদেৱ আৰু মাধৱদেৱে ধৰ্মৰ যি বৰভেঁটি বান্ধিলে, সেই ভেটিতেই থিয় দি আছে অসমীয়া সমাজ। 
        মানৱতাৰ বাণীৰে সিক্ত শংকৰদেৱৰ দৰ্শনত আছে সকলো প্ৰাণীৰ প্ৰতি সমদৃষ্টি। 
"কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।"
   ইয়াৰোপৰি শংকৰদেৱে গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মিচিঙৰ পৰমানন্দ, মুছলমানৰ চান্দসাই, কছাৰীৰ ৰীমাই, কাৰ্বিৰ জয়হৰি,কৈৱৰ্তৰ পূৰ্ণানন্দ , বণিয়াৰ হৰিদাস, ভোটৰ দামোদৰ,আদি শিষ্যসকলক লৈ বৃহত্তৰ অসমীয়া জাতি গঠনৰ কছৰৎ কৰিছিল। শংকৰদেৱৰ বিচাৰত সকলো জাতিয়েই সমান। যথা -
'নাহি ভকতিত জাতি-অজাতি বিচাৰ।
কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ।।'
আকৌ কোৱা হৈছে -
'ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যাৰ দৃষ্টি একতুল।।'
        শংকৰদেৱৰ সেই সমন্বয়ৰ ছবি তাতেই যেন স্থবিৰ হৈ ৰ'ল। এতিয়া সেই আদৰ্শক কোনো এটা পক্ষই কিছু আদৰণি জনাইছে যদিও শংকৰদেৱৰ ধৰ্মৰ লোকসকলৰ মাজতেই অনেক ভাগ। কিন্তু শংকৰদেৱৰ দৰ্শনৰ মুখ্য দিশটোৱেই আছিল - আত্মাৰ পৱিত্ৰতা, উদাৰতা। বাগ্মীবৰ নীলমণি ফুকনদেৱে কৈছিল -"শংকৰদেৱৰ প্ৰতিভা বাদ দিলে অসমীয়া ভাষা-সাহিত্য, শিল্পকলা নালাগে, অসমীয়া জাতিটোৰেই জঁকা ওলাই পৰিব।"
শ্ৰীমন্ত শংকৰদেৱৰ গভীৰ আধ্যাত্মিক দৰ্শন আৰু মননশীল চিন্তাই সেইসময়ৰ বৰ অসমৰ মানুহৰ মানসিকতা সলনি কৰি এক সুস্থ জীৱন পথৰ সন্ধান দিছিল। আচৰিত কথা সেইসময়ত আজিৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰ নাছিল বা নাছিল জীৱন চৰ্চাৰ বাবে সুচল পথ। তথাপিও শংকৰদেৱৰ সৃষ্টিশীল মনৰ সম্পদসমূহ আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োভৰ দিনটো গ্ৰহণীয়। শ্ৰীমন্ত শংকৰদেৱ আচলতে অসমীয়া জাতিৰ প্ৰথম গৰাকী গভীৰ চিন্তক বা উদ্ভাৱক, প্ৰথম গৰাকী কলাত্মক চিন্তাৰ বাসক। তেওঁ হয়তো অনুভৱ কৰিছিল মানুহৰ মন, হৃদয় আৰু মগজু কেৱল পৰিৱৰ্তন কৰিব পাৰি কলাৰ দ্বাৰা। কলা হ'ল সুন্দৰ আৰু সৌন্দৰ্যৰ প্ৰতীক। শংকৰদেৱৰ কলা সুলভ মন আৰু চিন্তাই সমাজ পৰিৱৰ্তনত আগ্ৰহী কৰি তুলিছিল। 
তেওঁৰ জীৱন অধ্যয়ন কৰিলে দেখা পোৱা যায় যে অসমীয়া জাতিৰ প্ৰথম গৰাকী গৱেষক তেওঁ। তেওঁ অসমীয়া মানুহক এক সুন্দৰ, সুচল আৰু বিজ্ঞানসন্মত জীৱন পদ্ধতিৰ বিষয়ে পথ দেখুৱাইছিল। সেইবোৰ কাৰণতেই আমি শংকৰদেৱক প্ৰয়োগবাদী দাৰ্শনিক বুলি ক'ব পাৰোঁ। কিয়নো প্ৰয়োগবাদীসকলে কৰ্মৰ যোগেদি জ্ঞান আহৰণ কৰা আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ ওপৰতহে গুৰুত্ব দিছিল। শংকৰদেৱৰ ক্ষেত্ৰতো ক'ব পাৰি যে তেখেতে সমাজ সংস্কাৰৰ বাবে, ধৰ্মৰ জৰিয়তে ভক্তৰ মন সংশোধন কৰিবলৈ যাত্ৰা বা ভাওনাৰ প্ৰৱৰ্তন কৰি প্ৰত্যক্ষ অভিজ্ঞতাৰে জ্ঞান দিবলৈ যত্ন কৰিছিল। শংকৰদেৱ এগৰাকী সৌন্দৰ্যৰ সাধক, সুন্দৰৰ সাধক আৰু জীৱনৰ সাধক। সঁচা অৰ্থত তেওঁ এগৰাকী যুগদ্ৰষ্টা পুৰুষ আছিল।

📌তিলোত্তমা মহন্ত গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)