অশান্ত আশা••জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
অশান্ত আশাবোৰৰ সতে
পোৱা নোপোৱাৰ বেথাবোৰ
অস্থিৰতাৰ বতাহজাকৰ দৰেই…
একা বেকাঁ হৈ বুকুয়েদি বয় কেতিয়াৱা,
দুখৰ উহবোৰ বিচাৰি …… 
সমাধানৰ হাবাথুৰিত ক্লান্ত হৈ পৰে জীৱনটো………!
ভাৱৰ খেলিমেলিত সন্ধিহান হৈ পৰা
বিবেকটোক এটা কেন্দ্ৰত 
অৱস্থানৰ বাবে চেতনা জাগ্ৰত কৰা 
অৱক্ষয়ৰ মূৰ্ত্তিমান আখৰাত…
কেউদিশে অ'ত ত'ত সিঁচৰতি হৈ পৰা সপোনবোৰ দুনাই বুটলি বুটলি… ……
ভাগি পৰা মনটোৰ স'তে 
জোৰা লগাৱলৈ কৰা………
অলেশ অপ্ৰাণ চেষ্টাত ব্যৰ্থ হয়……  
প্ৰতি ঘন উশাহৰ অন্তত
জীৱনৰ শেষ নিশ্বাস……!
মাটিৰ দেহা মাটিত মিলি 
সমাধিত হৈ পৰে ………
দুনাই উভটি নহাৰ পথেৰে…
চিৰদিন নুফুলা ফুলৰ কলিৰ দৰে …
হয়তো এয়েতো জীৱন ৷৷

✍🏾 জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)