মোৰ প্ৰেমৰ কঠিয়াতলি শুৱনি কৰা তুমি নামৰ কঠিয়াডৰা, সন্ধিয়াৰ আকাশ সোনোৱালি কৰা ৰঙা সূৰুযৰ দৰে ; তুমি মোৰ প্ৰেম সাগৰৰ এজাক কলিজা শাঁত পেলোৱা; জিৰি জিৰি মলয়া বতাহ। নাজানো মই তোমাৰ বাবে কি? পাৰিম জানো স্হান ল'ব তোমাৰ হৃদয় কেবিনত, ফুলিবা জানো এপাহি গোলাপ হৈ মোৰ মনৰ ফুলনিত; যাৰ পাপৰি চাই মই লিখিম এটি সুমধুৰ গাণ ভালপোৱাৰ এটি নাম তুমি। মানুহে কয় নেদেখাকৈ ভালপোৱা নহয় কিন্তু মোৰ মনত তুমি জিলিকি ৰ'লা প্ৰেমৰ মালিতা হৈ এখন প্ৰতিছব্বিৰে; য'ত বিচাৰি পালো মই প্ৰেমৰ ঠিকনা জীৱনৰ আলোকপাত, মোৰ শুকান পৃথিৱী জীপাল কৰা এজাক মৰমৰ বৃষ্টিপাত।
🔴মানস জান শইকীয়া
ৰঙামাটি চেউনী গাঁও, বাদুলিপাৰ
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ