আত্মাই আজিও কান্দে ধেমাজিত••অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
আই ! 
তুমি জন্মদাত্ৰী 
তুমি পূণ্যত্মা এই মাতৃভূমিৰ
তথাপি তুমি দুৰ্ভগীয়া
আমি হতভগীয়া তোমাৰ সন্তান 
মানৱতাৰ বধ্যভূমিত জন্ম আমাৰ ।
আই, 
বোমা বিস্ফোৰণত ক্ষত বিক্ষত
আমাৰ নিষ্পাপ শৰীৰ,
২০০৪ বৰ্ষৰ স্বাধীনতা দিৱসৰ 
অশুভ ক্ষণত ,
মৃত্যুৰ নাৰকীয় উৎসৱত 
বিভৎস অট্টহাস্য সন্ত্ৰাসবাদীৰ ।
বীভিষিকাৰ নিদাৰুণ সময়
জঘন্য অপৰাধৰ শেলে বিন্ধিছিল বুকুত
আতংকিত সাধাৰণ জনতা
কিংকৰ্তব্যবিমূঢ় চেতনা
বিব্ৰত প্ৰশাসন
বিফল প্ৰশাসন
বিভ্ৰান্তিত শান্তি ৰক্ষক
স্তম্ভিত মানৱতাবাদ 
কান্দোনৰ ৰোল উঠিছিল চৌদিশে
হুৱাদুৱা লাগিল 
ৰাঙলী হ'ল উৎসৱৰ পথাৰ
মৃতদেহৰ সংখ্যা বাঢ়ি গৈ তেৰজন হ'ল।
আই !
বহু বছৰ হ'ল 
আত্মাৰ বিননি একেই থাকিল
ন্যায়ৰ যুঁ‌জ খন দীঘলীয়া হ'ল ।
আই !
শোকত ম্ৰিয়মাণ নহবা
উচুপি নুঠিবা মাজনিশা 
আমি কুশলে আছো পেৰেড গাউণ্ডত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)