শোভাযাত্ৰা••বন্দনা ভৰালী গগৈ

Rinku Rajowar
0
জীৱন কালত প্ৰকাশিত হয় শোভাযাত্ৰা,
শোভাযাত্ৰাৰ নাৱত উঠাই নাৱৰীয়াই,
নাৱৰীয়াৰ বঠাডালে কোবাই নিয়ে লক্ষ্য স্থানলৈ,
লক্ষ্য প্ৰাপ্তিৰ সুদীৰ্ঘ হঁওক শোভাযাত্ৰাত।।

শুভ যোগ যাত্ৰা য'ত থাকে কেৱল পূৰ্ণতা,
পূৰ্ণতা পায় আপোনজনৰ সান্নিধ্যৰ বাবে,
আকৌ প্ৰশ্ন জাগে ! আপোনজনৰ সান্নিধ্য কি ?
সমাধানৰ বাবে উপযুক্ত পাত্ৰ আৰু সময়ৰ ।।

শোভাযাত্ৰাৰ শাৰীৰ দীঘলীয়া সময়ৰ,
শান্তি কামনা কৰিছোঁ দীঘল শোভাযাত্ৰাৰ,
অপেক্ষাৰ নামেৰেই পৰিচিত হয় শোভাযাত্ৰাৰ,
যাত্ৰাৰ আগতেই গতিপথ ৰুদ্ধ হয় মই আৰু আমি।

শোভাযাত্ৰাৰ শাৰীৰ প্ৰথম স্থানত থাকে চিন্তন,
চিন্তন আৰু মন্থনৰ সফলতাৰে পূৰ্ণ সমৰ্থন,
দীঘলীয়া যুদ্ধৰ সময়ত শোভাযাত্ৰাৰ স্থায়িত্ব,
কঠিন বৰ বেছি কঠিন সেই সত্য অন্বেষণৰ।।

           ✍️ বন্দনা ভৰালী গগৈ,শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)