চন্দ্ৰযান-৩ ••মণিকা গগৈ

Rinku Rajowar
0
চন্দ্ৰযান-৩ উৰা মাৰিলে
জোনবাইৰ দেশলৈ পাখি মেলি
সফল অৱতৰণৰ
সোণালী সপোন ৰচি।
ইছৰোৰ বিজ্ঞানীসকলৰ উদ্যোগত
বিক্ৰম লেণ্ডাৰে
সফলতাৰ হাঁহি মাৰি
চন্দ্ৰৰ দক্ষিণ মেৰুত পদাৰ্পণ কৰি
ইতিহাস ৰচিলে
২০২৩ চনৰ ২৩ আগষ্টত,
ভাৰতে অভিলেখ গঢ়ি 
গৌৰৱ কঢ়িয়াই 
আনন্দৰ জোৱাৰ তুলিলে
বিশ্ববাসীক চমকিত কৰি।
খোদিত হ'ল চন্দ্ৰপৃষ্ঠত 
ভাৰতৰ বিজয়
চন্দ্ৰত ঐতিহাসিক খোজত 
বিশ্বৰ ইতিহাসৰ সাঁচি-পাতত 
সোণালী আখৰেৰে জিলিকি থাকিব
ভাৰতবৰ্ষৰ নাম,
ইছৰোৰ বিজ্ঞানীসকলক
জনালোঁ সহশ্ৰ প্ৰণাম।

         ✍️মণিকা গগৈ
        তিনিচুকীয়া,বৰগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)