প্ৰাণৰ নৈখনৰ পাৰতেই
লহপহকৈ বাঢ়ি ফুলি উঠিল কহুৱা
অভিমানী হৃদয়ৰ ভাষা বুজি পোৱা
কহুৱাই সৃষ্টি কৰিলে কবিতা।
অশান্ত মনৰ কহুৱাবোৰ
বতাহত নাচি বাগি ফুৰিছে
কহুৱাবোৰ স্পৰ্শ কৰি
আৱেগত মই যেন আকলুৱা হৈছোঁ
দুই ওঁঠত কোমলীয়া হাঁহি জিলিকাই থৈছোঁ
কহুৱাৰ ৰাগিয়ে মোক
হাত বাউলী নৈৰ কাষলৈ মাতে
কহুৱাৰ শুভ্ৰ পোজাকযোৰ
মোৰ বহুত বেছি ভাল লাগে
আৰু যে কহুৱাই শৰতৰ
আগমনৰ বতৰা দি যায় ।
✍️দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ